ক্ৰমাৎ জটিল হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাৰ...

author-image
Asomiya Pratidin
New Update
ক্ৰমাৎ জটিল হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাৰ...

Basistha Dev Sarma

ডিজিটেল ডেস্কঃ ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তথা বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱ শৰ্মা। বিগত কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ।

Advertisment

উল্লেখ্য যে বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ১১ অক্টোবৰত তেওঁক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইছত উপস্থিত হৈ বুঢ়া সত্ৰাধিকাৰগাৰীকৰ স্বাস্থ্যৰ অৱস্থা বুজ লোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা মতে- অতি সংকটজনক অৱস্থাত আছে বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শৰ্মা। যোৱা ৬ ঘণ্টাৰ পৰা তেওঁৰ অধিক স্বাস্থ্যৰ অৱনিত ঘটিছে। উল্লেখ্য যে, সম্প্ৰতি তেওঁক কৃত্ৰিমভাৱে অক্সিজেন প্ৰদান কৰি থকা হৈছে। 

দীৰ্ঘদিন ধৰি ক্ৰনিক লিভাৰ ডিজিচ ৰোগত আক্ৰান্ত হৈ আছিল বুঢ়া সত্ৰাধিকাৰগৰাকী। ইয়াৰ পূৰ্বেও তেওঁক জি এম চি এইচত চিকিৎসা প্ৰদান কৰা হৈছিল। ইফালে বৰপেটাত বিভিন্ন দল, সংগঠনৰ লগতে সত্ৰবাসীয়ে বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ আশাৰে প্ৰাৰ্থনা কৰিছে।

barpeta barpeta satra basishtha dev sarma