হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত বাসন্তী পূজাৰ আয়োজন…

নগাঁও জিলাৰ চকলাঘাট ক্ষেত্ৰীগাঁৱত থকা ঐতিহ্যমণ্ডিত হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত অহা ৩ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৪০ সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
বাসন্তী পূূজা

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ চকলাঘাট ক্ষেত্ৰীগাঁৱত থকা ঐতিহ্যমণ্ডিত হাতীচোং সঞ্জীৱনী সংস্কৃত টোলত অহা ৩ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৪০ সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি ৩ এপ্ৰিলত ষষ্ঠীৰ সন্ধিয়া ৬ বজাত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস সম্পন্ন হ'ব ৷ 

Advertisment

একেদৰে ৪ এপ্ৰিলত সপ্তমীৰ পুৱা ৭ বজাত চণ্ডী পাঠ, ৯ বজাত নৱপত্ৰিকা প্ৰৱেশ আৰু সপ্তমী বিহিত পূজা আৰম্ভ। দুপৰীয়া ১২ বজাত আহুতি প্ৰদান, বিয়লি ১ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৬-৩০ বজাত মূল আৰতিৰ পিছতে ঘোষিকা শৰ্মাৰ পৰিচালনাত শিশুসকলৰ দ্বাৰা দেৱীৰ আৰতী আৰু বন্দনাসূচক নৃত্য পৰিবেশন কৰা হ’ব৷ 

আনহাতে ৫ এপ্ৰিলত অষ্টমীৰ পুৱা ৬ বজাত চণ্ডী পাঠ, ৯ বজাত অষ্টমীৰ বিহিত পূজা আৰম্ভ, দুপৰীয়া ১২ বজাত আহুতি প্ৰদান, বিয়লি ১ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৬-৩০ বজাত মূল আৰতিৰ পিছতে আৰতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। একেদৰে ৬ এপ্ৰিলত নৱমীৰ পুৱা ৬ বজাত চণ্ডী পাঠ, ৯ বজাত নৱমী বিহিত পূজা আৰম্ভ, দুপৰীয়া ১ বজাত কুমাৰী পূজা, বিয়লি ১-৩০ বজাত পূৰ্ণাহুতি প্ৰদান, বিয়লি ২-৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৬-৩০ বজাত মূল আৰতিৰ পিছতে ভক্তিমূলক গীত-নৃত্যৰ বিচিত্ৰানুষ্ঠানৰ লগতে বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ পৰিকল্পনা তথা নাট্যকৰ্মী ধ্ৰুৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে মহিলা শিল্পীৰ দ্বাৰা 'মহিষমৰ্দিনী' শীৰ্ষক এক অগতানুগতিক আলেখ্য প্ৰদৰ্শন কৰা হ’ব৷ 

ইফালে ৭ এপ্ৰিলত পুৱা ৮ বজাত দশমী বিহিত পূজাৰ লগতে দেৱী বিসৰ্জন, অপৰাজিতা পূজা আৰু বলয় ধাৰণ অনুষ্ঠিত হ'ব বুলি  সভাপতি জীৱ প্ৰসাদ বৰকটকী আৰু সম্পাদক নিপন শৰ্মাই জানিবলৈ দিছে৷

batadraba