Advertisment

বসন্ত পঞ্চমীত কি কাম কৰিলে জীৱনলৈ আহে সুখ-সমৃদ্ধি...

আজি বসন্ত পঞ্চমী।  বসন্ত পঞ্চমীৰ দিনটো হিন্দু ধৰ্মত অতি বিশেষ বুলি গণ্য কৰা হয়। বসন্ত পঞ্চমীৰ দিনটো জ্ঞান, শিক্ষা আৰু সংগীতৰ দেৱী সৰস্বতীৰ প্ৰতি উৎসৰ্গিত। বসন্ত পঞ্চমীত দেৱী সৰস্বতীৰ উপাসনা কৰা হয়। 

author-image
Asomiya Pratidin
New Update
Basant Panchami 2025

Basant Panchami 2025

ডিজিটেল ডেস্কঃ আজি বসন্ত পঞ্চমী।  বসন্ত পঞ্চমীৰ দিনটো হিন্দু ধৰ্মত অতি বিশেষ বুলি গণ্য কৰা হয়। বসন্ত পঞ্চমীৰ দিনটো জ্ঞান, শিক্ষা আৰু সংগীতৰ দেৱী সৰস্বতীৰ প্ৰতি উৎসৰ্গিত। বসন্ত পঞ্চমীত দেৱী সৰস্বতীৰ উপাসনা কৰা হয়। 

Advertisment

বাস্তু শাস্ত্ৰৰ মতে, এই দিনটোত দেৱীৰ মূৰ্তি সঠিক দিশত প্ৰতিষ্ঠা কৰি তেওঁক উপাসনা কৰিলে ঘৰৰ সমৃদ্ধিৰ লগতে জ্ঞান বৃদ্ধি হয়। হিন্দু বৰ্ষপঞ্জী অনুসৰি, এই বছৰ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৬ বজাত আৰম্ভ হ’ব। এই তিথি ৩ ফেব্ৰুৱাৰীত পুৱা ৬:৫৪ বজাত সমাপ্ত হ’ব। সেয়েহে, উদয় তিথিৰ মতে, বসন্ত পঞ্চমী উৎসৱ ২ ফেব্ৰুৱাৰীত উদযাপন কৰা হৈছে।

মা সৰস্বতীৰ মূৰ্তি উত্তৰ দিশটো স্থাপন কৰিব পাৰি। এই দিশত মূৰ্তিটো স্থাপন কৰি উপাসনা কৰিলে ইতিবাচক শক্তি আনে। ইয়ে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনে।  দেৱী সৰস্বতীৰ মূৰ্তি পূব দিশত স্থাপন কৰিব লাগে। এই দিশত সূৰ্য উদয় হয়। এই দিশত দেৱীৰ মূৰ্তি স্থাপন কৰাটো অতি শুভ। এই দিশত মূৰ্তিৰ উপাসনা কৰিলে বুদ্ধিমত্তা আৰু জ্ঞান বৃদ্ধি হয়।

হিন্দু