নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’

author-image
Asomiya Pratidin
New Update
নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’

ডিজিটেল ডেস্কঃ ১ জুনত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’ নামৰ এখন অসমীয়া তথ্যচিত্ৰ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ পৰিচালনাত নিৰ্মাণ হৈছে তথ্যচিত্ৰখন। অসমীয়া চিনেমালৈ যথেষ্ট অৰিহণা যোগোৱা গুৱাহাটীৰ লতাশিল খেলপথাৰৰ সমীপৰ এটা শতিকা পুৰণি বাসগৃহ আৰু বাসগৃহটোৰ স্বত্বাধিকাৰ বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া তথ্যচিত্ৰখন।

উল্লেখ্য যে, ৭১ মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই।তথ্যচিত্ৰখনৰ সহযোগী পৰিচালনা ভাস্কৰ জ্যোতি দাসৰ আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ।সহকাৰী পৰিচালিকা হিচাপে কাম কৰিছে মনস্বিনী মহন্তই।

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বৰুৱাৰ সংসাৰ ৰ প্ৰদৰ্শনিয়ে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Also Read: প্ৰতিশ্ৰুতি ৰাখিলে ৰনোজ পেগুৱেঃ নতুন পৰিচয় পালে ঢকুৱাখনা মজলীয়া বিদ্যালয়ে

barua brothers New York Indian Film Festival baruar sansar