বৰ্ষাপাৰাত মহাৰণ ! শৃংখলা দখলৰ লক্ষ্যৰে ভাৰত-দক্ষিণ আফ্ৰিকা...

ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমবাৰ বৰ্ষাপাৰাত ভাৰতীয় দল

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত মহাৰণ ! শৃংখলা দখলৰ লক্ষ্যৰে ভাৰত-দক্ষিণ আফ্ৰিকা...

INDIA

ডিজিটেল ডেস্কঃ অসমবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ষ্টেডিয়ামত আজি ভাৰত - দক্ষিণ আফ্ৰিকাৰ মেচ। তিনিখনীয়া টী-২০ শৃংখলাৰ প্ৰথম খনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে বিজয় সাব্যস্ত কৰি বৰ্ষাপাৰাৰ ২২ গজত শৃংখলা জয়ৰ বাবে অৱৰ্তীৰ্ণ হ'ব বিৰাট কোহলি,ৰোহিত শৰ্মাৰে গঠিত ভাৰতীয় দল।

Advertisment

উল্লেখ্য যে অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে ৰোহিত শৰ্মাই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় দলক নেতৃত্ব দিব। কিয়নো ইয়াৰ পূৰ্বে ৰোহিতে গুৱাহাটীত ভাৰতীয় দলৰ সদস্য হিচাপেহে খেলিছিল।

ind
ind

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনক লৈ যথেষ্ট আশাবাদী ক্ৰিকেট অনুৰাগী। আয়োজক সমিতিয়ে আবেলি ৩ বজাৰ পৰা দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলি দিয়ে যদিও তাৰ বহু পৰ আগেয়ে বৰ্ষাপাৰাৰ প্ৰতিখন প্ৰৱেশ দ্বাৰতে দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। মুঠতে দুৰ্গা পূজাৰ আনন্দৰ সমান্তৰালকৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত ৰাজ্যবাসী।

IND VS SA t-20 BARSHAPARA guwahati