সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত কংগ্ৰেছ কৰ্মী

বৰপেটা জিলা সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিচাং হোটেলৰ সন্মুখত বৃহস্পতিবাৰে বিয়লি ৩:৪০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিলে মটৰচাইকেল আৰোহীক

author-image
Asomiya Pratidin
New Update
sarbhog

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা জিলা সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিচাং হোটেলৰ সন্মুখত বৃহস্পতিবাৰে বিয়লি ৩:৪০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিলে মটৰচাইকেল আৰোহীক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বৰনগৰ অঞ্চলৰ মেধা গাঁৱৰ সমাজকৰ্মী তথা কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী খাইৰুল বাছাৰ জুবাৰবিন হাছানৰ(৫৪)।

Advertisment

সৰভোগৰ পৰা বাইকেৰে ঘৰলৈ গৈ থকা সময়তে তিনিখন বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হয়। ইফালে ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে বৰপেটা মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ব্ৰেজা বাহনখনে পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত গ্লেমাৰ বাইকখনৰ নম্বৰ হৈছে  এএছ১৫-এম-৩৩০২ আৰু বালি ভৰ্তি চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে এএছ১৫-এচি-০৮১০। 

বৰনগৰ অঞ্চলৰ এজন অতি সহজ-সৰল মানৱ দৰদী সমাজকৰ্মী খাইৰুল বাছাৰ জুবাৰবিন হাছানক মৃত্যুৰ খবৰে বৰনগৰ অঞ্চলৰ এক বৃহৎ ক্ষতি হোৱা বুলি  উল্লেখ কৰে স্থানীয় ৰাইজে।

সৰভোগ