/asomiyapratidin/media/media_files/2024/12/06/w8MdBfbXJ0vI6QHTRBSi.jpg)
ডিজিটেল সংবাদ,বৰপেটাঃ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্র দাসক এইবেলি প্ৰদান কৰা হব
'কয়াকুছি বঁটা'। শুকুৰবাৰে এক সংবাদমেল যোগে ড০ বাবুল চন্দ্ৰ দাসৰ নাম কয়াকুছি বঁটাৰ বাবে মনোনীত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজক সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে।
উল্লেখ্য যে, প্ৰতিবছৰে ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈ আহিছে। এইবেলিও ১৬ ডিচেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে নৱম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত হ'ব।
গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ২২ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানৰ মুখ্য সভাত ড০ বাবুল চন্দ্র দাসক কয়াকুছি বঁটা প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে জাকিৰ হুছেইন শিকদাৰে। আয়োজক সমিতিৰ মুখ্যপৃষ্ঠপোষক জাকিৰ হুছেইন শিকদাৰে জনোৱা মতে, গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।