ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ অন্তৰ্গত বৰমাত ১৬ নবেম্বৰৰ পৰা আৰম্ভ হৈছিল ১ম বাৰ্ষিক ৰাস মহোৎসৱ । আৰম্ভণীৰে পৰাই ধৰ্মপ্ৰাণ ৰাইজৰ যথেষ্ট উৎসাহ-উদ্দীপনাৰে সহযোগ কৰা দেখা যায় ৰাস মহোৎসৱত ৷
উল্লেখযোগ্য যে ৰাসৰ অনুষ্ঠান সাতদিনীয়া কাৰ্যসূচী আছিল যদিও পিছলৈ ৰাইজৰ মৰম- আদৰৰ বাবে আৰু তিনিদিন বঢ়াই দহ দিনলৈ বৃদ্ধি কৰা হৈছিল। বাক্সা আৰু নলবাৰী জিলাৰ প্ৰায় ২২ খনকৈ অধিক গাঁৱৰ ৰাইজৰ সহযোগত বৰমাত প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ পালন কৰা হৈছিল।
দেওবাৰে শেষৰ দিনাও বৰমা ৰাস মহোৎসৱ দেখিবলৈ পোৱা গ’ল যথেষ্ট ধৰ্মপ্ৰাণ লোকৰ ভিৰ। অসমৰ জনপ্ৰিয় শিল্পী ৰূপম ভূঞাৰ সংগীতে সকলোকে মুহিত কৰিলে। সোমবাৰে পুৱতি নিশা অন্তিমটো কাৰ্য্যসূচীত সভাপতি অমৃত শৰ্মা, সাধাৰণ সম্পাদক দীপক ৰামছিয়াৰীৰ লগতে ৰাস সমিতিৰ বিষয়ববীয়া, স্বেচ্ছাসেৱক - স্বেচ্ছাসেৱীকাসকলৰ উপস্থিতিত বৰমা প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱৰ পতাকা নমাই সফল সামৰণি কৰে ৷
পতাকা নমাই দিয়া আবেগিক ভাষণত কয় য়ে অতি কম দিনৰ ভিতৰতে বৰমাত আৰম্ভ কৰা প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত বহুতো আসোঁৱাহ ৰৈ যোৱাতো স্বাভাৱিক। অনিশ্চাকৃতভাৱে কৰা ভুলসমূহ পৰৱৰ্তী কাৰ্য্যসূচীত শুধৰোৱাৰ বাবে চেষ্টা কৰা হ’ব ৷ বৃহত্তৰ বৰমাৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে দলে বলে আহি এনেদৰে সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সভাপতিগৰাকীয়ে ৷