বঢ়মপুৰৰ প্ৰান্তে-প্ৰান্তে পালিকঠীয়া ৰোৱাত ব্যস্ত জাক-জাক ৰোৱনী

কাহিলীপুৱাই কান্ধত নাঙলটি, হাতত বাঁহৰ লিহিৰী এছাৰি এডাল লৈ চিটিপ, চিটিপ কৈ গৰুহালক দুই-এছাট দি পথাৰলৈ ওলাই যোৱা কৃষকৰ সেই শুৱনি দৃশ্য, গাঁওসমূহৰ পৰা ক্ৰমশঃ হেৰাই গৈছে।

author-image
Tushar Pratim
New Update
বঢ়মপুৰৰ প্ৰান্তে-প্ৰান্তে পালিকঠীয়া ৰোৱাত ব্যস্ত জাক-জাক ৰোৱনী

ডিজিটেল সংবাদ, বঢ়মপুৰঃ এতিয়া শাওণ। এই শাওণেই কঢ়িয়াই আনে কৃষকৰ মনলৈ অযুত হেঁপাহ, অলেখ বাসনা । কাহিলীপুৱাই কান্ধত নাঙলটি, হাতত বাঁহৰ লিহিৰী এছাৰি এডাল লৈ চিটিপ, চিটিপ কৈ গৰুহালক দুই-এছাট দি পথাৰলৈ ওলাই যোৱা কৃষকৰ সেই শুৱনি দৃশ্য, গাঁওসমূহৰ পৰা ক্ৰমশঃ হেৰাই গৈছে যদিও বঢ়মপুৰ সমষ্টিৰ জলাহগাঁও, বামুণী, বৰবাৰী, কন্দলী, চাপানালা, ননৈ আদি একো একোটা বৃহৎ অঞ্চলৰ প্ৰায়সংখ্যক গাঁৱত বৰ্তমানো সুলভ এই ছবি। 

Advertisment

অৱশ্যে বহু পৰিমাণে এই গৰুহালৰ স্থান পাৱাৰটিলাৰ অথবা ট্ৰেক্টৰে লোৱা পৰিলক্ষিত হৈছে। এই বৰ্ষত বৰষুণৰ পৰিমাণ কিছুপৰিমানে কম যদিও দ-মাটিসমূহত বৰ্তমান কৃষকসকল ব্যস্ত হৈ পৰা দেখা গৈছে। 

এই আহাৰ, শাওণ আৰু ভাদ মাহৰ পথাৰৰ মনোৰম দৃশ্যই পুলকিত কৰে সকলোকে। শালিধানৰ এই ভৰপক বতৰতেই ৰোৱনীৰ লাৱনী হাতৰ স্পৰ্শত পালিপৰা কঠীয়াই প্ৰাণ পায়। পথাৰত জাক-জাক ৰোৱনীয়ে কঠীয়া ৰুই থকা অপৰূপ সৌন্দৰ্যই দৃষ্টিনন্দন কৰি তুলিছে শাওণৰ পথাৰ।  

সিফালে হাল বাই থকা হালোৱাৰ কাষে কাষে আগবঢ়া বগলীয়ে কেঁচু, কুমটি আদি বিভিন্ন কীট-পতংগ খাই যোৱা দৃশ্যই আকৰ্ষিত কৰে সকলোকে। প্ৰচণ্ড গৰমকো নেওচি কৃষিপ্ৰধান এই সমষ্টিটোত বসবাস কৰা খেতিয়কসকল এতিয়া ব্যস্ত খেতিপথাৰত। 

প্ৰখৰ ৰ'দতো হাঁহি-মাতি আনন্দেৰে ৰুইছে কঠীয়া। কোনোবাজনী ৰোৱনীৰ মুখত বিহুনামৰ কলি।মাজতে আকৌ হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত লৈছে কোনোবাজনীয়ে। পথাৰতে জুতি লৈছে পঁইতা ভাত, পোৰা গৰৈ মাছৰ।লগতে পকা কঁঠালৰো। 

ৰ'দ-বৰষুণলৈ ভ্ৰূক্ষেপ নাই এইসকল চহা খেতিয়কৰ। খেতিয়েই জীৱিকাৰ একমাত্ৰ সম্বল। খেতিয়েই এইসকলৰ আশা- ভাৰসাৰ থল। খেতিয়েই জীৱন।সেয়ে দিনৰ দিনটো ব্যস্ত খেতিপথাৰত। 

হালোৱাই হাল বাইছে, কঠীয়া তোলাই কঠীয়া তুলিছে, ৰোৱনীয়ে ৰুইছে। গ্ৰাম্য জীৱনৰ এক চিৰপৰিচিত মনোৰম ছবি। গাঁত ৰ'দ-বৰষুণ নপৰা এইসকল কৃষক, গাৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে ৰচিছে ভৱিষ্যতৰ সপোন। কৃষিকৰ্ম সম্পাদন কৰি বাকী সকলো ভাল-বেয়াৰ দিশ নিয়তিৰ ওপৰত এৰি দিয়ে এইসকলে। 

বঢ়মপুৰ বাৰিষা শাওণ মাহ