Advertisment

বৰহোলা খেৰেমা কছাৰী প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ...

বৰহোলা খেৰেমা কছাৰী প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ পালন কৰা হয়। সামূহিক উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ  তিতাবৰ শিক্ষাখণ্ড অন্তৰ্গত ইকৰাণি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৰহোলা খেৰেমা কছাৰী প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ পালন কৰা হয়।

Advertisment

পুৱা সামূহিক উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে বাৰেৰহণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাত এক উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰে। লগতে বৰহোলা আকাশ বতাহ মুখৰিত হৈ পৰে৷ শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰী সকলে গায়নবায়ন, বিভিন্ন জাতি-জনগোষ্ঠী গীত নৃত্য আৰু গ্ৰাম্য জীৱনৰ কলাকৃষ্টি সমূহ প্ৰদৰ্শন কৰে৷

বৰহোলা