/asomiyapratidin/media/media_files/2025/02/02/ij23rJr5Vf1CzYBMlMo5.jpg)
তিতাবৰ Photograph: (তিতাবৰ)
ডিজিটেল সংবাদ বেকাজানঃ বৰহোলা নাওপেটাত পৰমানন্দ আঞ্চলিক শাখাৰ আতিথ্যত প্ৰাক্তন উপ প্ৰদাধিকাৰ বল্লভ শইকীয়া সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰদেৱৰ সংঘৰ তিতাবৰ জিলা শাখাৰ দ্বা-বিংশতিম বাৰ্ষিক অধিৱেশন। শনিবাৰে পুৱা প্ৰাতঃ প্ৰসংগৰ পিছতেই অধিবেশনৰ তোৰণ উন্মোচন কৰে ভূৱন ৰাজখোৱাই । প্ৰতিনিধি শিবিৰ দ্বাৰ উন্মোচন কৰে প্রাক্তন জিলা সদস্য জীৱন গোহাঁইয়ে। আনহাতে অধিবেশনৰ বগাই ভূঞা সোঁৱৰণী মূল মঞ্চ উন্মোন কৰে বিনয় ৰাজখোৱাই ।
ইয়াৰ পিছত সাহিত্য আৰু শিক্ষা শাখাৰ মুকলি সভা অনুষ্ঠিত হয়। সভাপতি অসীম গগৈয়ে সঞ্চালনা কৰা সভাখনি উদ্বোধন কৰে প্রাক্তন সম্পাদক, দিলীপ বৰুৱাই। অধিবেশনৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "পৰমানন্দ” উন্মোচন কৰে ড০ বিস্মিতা দত্তই।
সভাত পূর্ণিমা গগৈৰ " কথা হৰিশ্চন্দ্ৰ উপাখ্যান" গ্ৰন্থখন উন্মোচক কৰে ত্রৈলোক্যদেৱ শইকীয়াই আৰু মহেন্দ্র শইকীয়াৰ নামঘৰ মণিকূট গ্ৰন্থখন উন্মোচক কৰে ড০ অখিল গগৈয়ে । সভাত নির্দিষ্ট বক্তা হিচাপে ডঃ ৰশ্মিৰেখা দেৱী , বিশিষ্ট অতিথি হিচাপে আলম আও, চম্পা বৰা, যোৰহাট জিলা সাহিত্য সভা সভাপতি মহেন্দ্ৰ হাজৰিকা উপস্থিত থাকে।দুপৰীয়া শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদ সভা অনুষ্ঠিত হয় । ৰুণিমা দত্ত গোহাঁই সঞ্চালনা কৰা সভাখনি উদ্বোধন কৰে ৰুনা দত্তই।
কবিতা পুথি "প্রয়াস” আৰু জয় জগন্নাথ গ্ৰন্থ উন্মোচন কৰে ক্ৰমে পূর্ণিমা গগৈ আৰু জয়ন্তী গগৈয়ে । বিয়লি সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈয়ে সঞ্চালনা কৰা সভাখনি উদ্বোধন কৰে নয়নমণি শইকীয়াই আৰু নির্দিষ্ট বক্তা ভাষণ দিয়ে প্রাচুর্য্য প্রতীম সাংবাদিক প্রসেনজিৎ ৰাজখোৱাই ।
উল্লেখযোগ্য যে তিতাবৰ জিলাৰ বাৰ্ষিক অধিবেশনৰ আজি পুৱা বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিৰে বাৰেৰহনীয়া ভাগৱত শোভাযাত্ৰা লগতে মুকলি সভা অনুষ্ঠিত হব। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা সংসদৰ বিৰোধী দলৰ উপনেতা গৌৰৱ গগৈয়ে