/asomiyapratidin/media/media_files/2025/03/21/IkK0gyeUg9ceKW92S07I.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ চৰকাৰী আঁচনিক সম্পূৰ্ণ বিজেপিকৰণ কৰাত এতিয়া উঠি পৰি লাগিছে বিজেপিৰ একাংশ বুথ সমিতিৰ নেতা। তিতাবৰ সমষ্টিৰ বৰহোলাৰ ৰাইডাংজুৰি পঞ্চায়ত বুথ সমিতিৰ বিষয়-ববীয়াসকলৰ স্বেচ্ছাৰিতা আৰু স্বজন -তোষণৰে অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে। বিজেপিৰ বুথ সমিতিৰ দুজনমান পালিনেতাই বহু দুখীয়া আৰু বিধবাৰ আৰণোদয় আঁচনিৰ যোগ্যতা থকাৰ পিছতো নিজৰ ক্ষমতা দেখুৱাই নাম কৰ্তন কৰা বুলি অভিযোগ উঠিছে।
ক্ষমতাই মূৰত ধৰা পালিনেতাই কেইজনে বিজেপিৰ সদস্য হলেও অৰুণোদয় ধন লাভ কৰিব পাৰিব বুলি জনাইছে। ইফালে নতুনকৈ হিতাধিকাৰীৰ নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু স্বজন তোষণ কৰি কেৱল বিজেপি লোকক অগ্ৰাধিকাৰ দিছে। দুৰ্ভাগ্যজনক কথা যে অৰণোদয়ৰ যি চৰকাৰী নীতি নিয়ম আছে তাক জলাঞ্জলি দি এইবাৰ ৰাইডাংজুৰি পঞ্চায়তত ধনী, আৰ চি চি ঘৰ থকা , পেন্সনা পোৱা, চাকৰীয়ালৰ পত্নীকো অৰুণোদয় আঁচনিৰ ফৰ্ম পূৰণ কৰোৱাইছে । বিজেপি নেতাই চৰকাৰী আঁচনিক কুক্ষিগত বিজেপিকৰণ কৰাক এতিয়া শ শ মহিলা ক্ষুব্ধ হৈ পৰিছে।
যধে মধে দুখীয়া মহিলাৰ নাম কৰ্তন কাৰ্যৰ বিৰোধিতা কৰি কালি ৰাইডাংজুৰি মহিলাসকলে তিতাবৰ খণ্ড উন্নয়ন বিষয়াক অভিযোগ দিয়ে। বঞ্চিত মহিলা হিতাধিকাৰীসকলে এইবুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে অৰুণোদয় আঁচনি পুনৰ নিৰীক্ষণৰ নামত এতিয়া বুথ সমিতিৰ চাৰিজনীয়া হিতাধিকাৰীৰ নিৰ্বাচন কৰা পালিনেতাই বিজেপি দলৰ সদস্য হলেও ফৰ্ম পুৰন কৰিবলৈ দিছে। বিজেপি দলৰ এনে প্ৰতাৰণামূলক কাৰ্য উচিত প্ৰত্যুত্তৰ সমাগত গাঁও পঞ্চায়তৰ নিৰ্বাচিত দিব বুলি সকীয়াই দিছে।