বঢ়মপুৰত "অসম উৎসৱ-২০২৫"...

২৩ মাৰ্চৰ পৰা চলি আছিল বিহু কৰ্মশালা ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে আজি সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ পাঁচ শতাধিক নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াই একেলগে প্ৰদৰ্শন কৰে বিহু নৃত্য ।

author-image
Asomiya Pratidin
New Update
wet

ডিজিটেল সংবাদ,বঢ়মপুৰঃ  নগাঁও জিলাৰ বঢ়মপুৰত আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সমন্বয়ৰ বাৰ্তা বাহক "অসম উৎসৱ" ৰ আৰম্ভণি হয়। অনুষ্ঠানৰ প্ৰথম কাৰ্য্যসূচীত প্ৰদৰ্শন কৰা হয় মুকলি বিহু । মুকলি বিহুৱে ঐতিহাসিক বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে ৷

Advertisment

বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি বঢ়মপুৰত সকলোৱে একত্ৰিতভাৱে বিহু প্ৰদৰ্শন কৰি পৰিণত কৰিলে সমন্বয়ৰ এক উৎসৱস্থলীলৈ। ৰঙালী বিহুত মুকলি বিহু প্ৰদৰ্শনৰ বাবে ২৩ মাৰ্চৰ পৰা চলি আছিল বিহু কৰ্মশালা ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে আজি সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ পাঁচ শতাধিক নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াই একেলগে প্ৰদৰ্শন কৰে বিহু নৃত্য ।

 প্ৰতিকূল বতৰকো নেওচি আজি চাৰিওফালে অগণন শ্ৰোতা-দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ৰঙালী বিহুৰ এক অন্যন্য বাতাবৰণৰ মাজত "অসম উৎসৱ"ৰ এই মুকলি বিহু অনুষ্ঠিত হৈছে আৰু অনাগত দিনত বঢ়মপুৰৰ এই উৎসৱক অসমৰ উৎসৱৰূপে প্ৰতিষ্ঠিত কৰিবলৈ আশাবাদী উদ্যোক্তা সমিতি।

আজিৰ অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দুই শতাধিক বয়োজ্যেষ্ঠ তথা সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিক উদযাপন সমিতিৰ ফালৰ পৰা বিধায়ক জিতু গোস্বামীয়ে একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, ২০২২ বর্ষত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বঢ়মপুৰৰ অসম উৎসৱে। ইয়াৰোপৰি বঢ়মপুৰৰ উন্নয়নৰ ক্ষেত্ৰত অসম উৎসৱৰ এক ভূমিকা আছে। লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰতো এই উৎসৱে এক যোগাত্মক ভূমিকা গ্ৰহণ কৰিব ৷

অসম উৎসৱ