Advertisment

বৰগোলাই বি কে বিৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু ক্ৰীড়া মহোৎসৱ আৰম্ভ

অসম- নাগালেণ্ডৰ ২২ খন বিদ্যালয়ৰ প্ৰায় ৫০০ খেলুৱৈৰ অংশগ্ৰহণৰে দেওবাৰৰ পৰা আৰম্ভ হৈছে নৱম বিবেকানন্দ ক্ৰীড়া মহোৎসৱ। বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগ গুৱাহাটীৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় এন ই চি বৰগোলাইত দেওবাৰে পৰা আৰম্ভ হৈছে নৱম বিবেকানন্দ ক্ৰীড়া মহোৎসৱ ।

author-image
Asomiya Pratidin
New Update
Bargolai BKB's silver jubilee year and sports festival begins

Bargolai BKB's silver jubilee year and sports festival begins

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : অসম- নাগালেণ্ডৰ ২২ খন বিদ্যালয়ৰ প্ৰায় ৫০০ খেলুৱৈৰ অংশগ্ৰহণৰে দেওবাৰৰ পৰা আৰম্ভ হৈছে নৱম বিবেকানন্দ ক্ৰীড়া মহোৎসৱ। বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগ গুৱাহাটীৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় এন ই চি বৰগোলাইত দেওবাৰে পৰা আৰম্ভ হৈছে নৱম বিবেকানন্দ ক্ৰীড়া মহোৎসৱ ।

Advertisment
Bargolai BKB's silver jubilee year
Bargolai BKB's silver jubilee year

 

৫জানুৱাৰীৰ পৰা ৯জানুৱাৰী লৈ ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ক্ৰীড়া মহোৎসৱ আৰু বৰগোলাই বিকেবিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী। দেওবাৰে সন্ধিয়া অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কল ইণ্ডিয়াৰ চি এম ডি, পি এম প্ৰসাদ মুখ্য অতিথি, ‌‌বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ সৰ্বভাৰতীয় উপ সভাপতি হনুমন্থ ৰাও সন্মানীয় অতিথি , কল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক অলক ললিত কুমাৰ, উত্তৰ- পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধক কে মেৰে আৰু বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগ গুৱাহাটীৰ সম্পাদক শোভাৰাণী বৰকটকী বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। 

Bargolai BKB's silver jubilee year
Bargolai BKB's silver jubilee year

 

শিক্ষক ৰঞ্জিত পুৰকায়স্থই আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথিয়ে বন্তি প্ৰজ্বলন আৰু ক্ৰীড়া মহোৎসৱৰ পতাকা উত্তোলনৰে কাৰ্যসূচী পাতনি মেলে আৰু মাৰ্চ পাছত অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পাছতে বৰগোলাই বিকেবিৰ ছাত্ৰ -ছাত্ৰীসকলে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। 

Bargolai BKB's silver jubilee year
Bargolai BKB's silver jubilee year

 

প্ৰাক্তন অধ্যক্ষ প্ৰণতি ৰয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানত ২০০০ চনত প্ৰতিষ্ঠিত বৰগোলাই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় এন ই চি ৰ সূদীৰ্ঘ ২৫ বছৰৰ গৌৰৱময় ইতিহাস সামৰি তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয়। মুখ্য অতিথি পি এম প্ৰসাদে ভাষণত বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে ক্ৰীড়া মহোৎসৱে খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। 

Bargolai BKB's silver jubilee year
Bargolai BKB's silver jubilee year

 

উল্লেখযোগ্য যে এই ক্ৰীড়া মহোৎসৱত অসম নাগালেণ্ডৰ মুঠ ২২ খন বিদ্যালয়ৰ পৰা ক্লাষ্টাৰ পৰ্য্যাযৰ নিৰ্বাচিত খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ আলোকসজ্জাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উদ্বোধনী অনুষ্ঠানত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে। আজি পুৱাৰে পৰা বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে।

MARGHERITA