/asomiyapratidin/media/media_files/2025/07/02/294-2025-07-02-23-51-22.jpg)
ডিজিটেল সংবাদ, চানডুবি : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯ জুনত আজাৰা সভাগৃহৰ এক অনুষ্ঠানত সাংবাদিকৰ আগত কৈছিল– যদি বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নালাগে, তেনেহ’লে আন্দোলন কৰি থকাৰ সলনি ৰাইজে লিখিতভাৱে জনালেই হ’ল। এই সন্দৰ্ভত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে বুধবাৰে মিৰ্জাত এক সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেল সম্বোধন কৰি ভূমি পট্টন দাবীৰ সমিতিৰ উপদেষ্টা আদিত্য ৰাভাই কয় – মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতি সন্মান জনাই বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে আজিৰ পৰা আন্দোলনৰ কাৰ্যসূচী এৰা বুলি ব্যক্ত কৰে। প্ৰস্তাৱিত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল কৰক, বৰদুৱাৰ বাগান পতিত ভূমিৰ সকলো ভোগদখলকাৰীক অতিশীঘ্ৰে স্থায়ী ভূমি পট্টা প্ৰদান কৰক, প্ৰস্তাৱিত জি এম ডি এ আমাক নালাগে বৰং বেল্ট আৰু ব্ল’কৰ সুৰক্ষাহে লাগে, অসম গৌৰৱ চানডুবি পৰ্যটনস্থলীৰ পৰিসৰ আৰু জৈৱ–বৈচিত্ৰ্য ৰক্ষা কৰক– আমাৰ মূল দাবী সম্বলিত স্মাৰক পত্ৰ আজি বিভাগীয় কৰ্তৃপক্ষ সমূহলৈ প্ৰদানৰ ব্যৱস্থা কৰিলো।
আমি বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপৰ লগতে কুলশী নদী বান্ধ, দৰাবিলৰ ল’জিষ্টিক পাৰ্ক নিৰ্মাণৰ প্ৰস্তাৱো বন্ধ হ’ব লাগিব বুলি দাবী জনাইছো। আমাৰ এই দীঘলীয়া পৰিক্ৰমাত সহযোগ কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতিলৈ শ্ৰদ্ধা জনাইছো।
২৯ জুনত হোৱা এক ট’ক শ্ব’ অনুষ্ঠানত কলিন্স চাংমা নামৰ এগৰাকীলোকে বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ, কুলশী জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত মিছা তথ্যৰে সমগ্ৰ ব্যৱস্থালানীক খেলিমেলি লগাই দিছে। মিছা কথা কিয় ক’ব লগা হ’ল সেই সন্দৰ্ভত কলিন্স চাংমাই ভূমি পট্টন দাবী সমিতিৰ ওচৰত স্পষ্ট কৰি দিবলৈও ভূমি অধিকাৰ নেতাগৰাকীয়ে দাবী জনায়।
তেওঁ আৰু কয়- আমাৰ ভূমিৰ অধিকাৰৰ সমগ্ৰ বিষয়টো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই কৰিব লাগে। কিন্তু এদিনীয়া বিধানসভাত তেখেতে কৈছিল– বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপৰ সলনি ট্ৰাইবেল টাউনশ্বিপ হ’ব লাগে আৰু উকিয়ামত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নহ’লেও ৪০ কিম্বা ২৫ মেগাৱাট হ’ব লাগে। সেই কথাখিনিও তেখেতে উঠাই ল’ব লাগে।
তদুপৰি যেতিয়া বাগান কলঘৰ ক্লাৱৰ সভাত মুখ্য কাৰ্যাবাহীগৰাকীয়ে একেখিনি কথাকে কৈছিল– তেতিয়া চানডুবি আৰু কুলশী সমষ্টিৰ পাৰিষদ দুগৰাকী মৌন হৈ আছিল। প্ৰস্তাৱিত চৰকাৰী উন্নয়নৰ ফলত আমাৰ পৰম্পৰাগতভাৱে জীৱিকা নিৰ্বাহ কৰা জনজাতি মানুহখিনিৰ যে জীৱন–জীৱিকা সলনি হৈ যাব। সেই লৈ পাৰিষদ দুগৰাকীয়ে অন্ততঃ দুখ প্ৰকাশ কৰা উচিত আছিল।
ইপিনে ১৩৯ বছৰীয়া ৰেকৰ্ড ভংগ কৰি ভূমি প্ৰশাসন আয়োগ গঠন কৰিবলৈ চৰকাৰ আগবাঢ়িছে। ১৮৮৬ চনৰ ভূমি ৰাজহ আইন সলনি কৰিলে জনজাতি সকল সংকটত পৰিব বুলি আমাৰ ভয় হৈছে। কিয়নো সংবিধানৰ দশম অধ্যায়ৰ ১৬০, ১৬১ ধাৰাটো যদি সলনি কৰে তেতিয়া হ’লে ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক নোহোৱা হৈ যাব। তাৰ মানে আমাৰ অধিকাৰ শেষ হৈ যাব। তাৰ বাবে ৰাভাসকলৰ জাতীয় সংগঠন সমূহে একেলগে মাত মতা উচিত। নহ’লে আদানী, আম্বানী, ৰামদেৱহতৰ দৰে বেপাৰীসকলে আমাৰ সকলোবোৰ মাটি কাঢ়ি লৈ যাব।
আজি ৰাজ্যখনত যি সংকট নামিব ধৰিছে সেয়া অকল জনজাতিসকলৰে নহয়, সমগ্ৰ অসমীয়া জাতিটোৰ বাবেই ভয়ংকৰ হ’ব। গতিকে এই সংকটৰ মুহুৰ্তত ৰাজ্যখনৰ সকলোবোৰ জাতি–জনগোষ্ঠীয়ে একলগ হৈ মাত মতাৰ সময় সমাগত।
ভূমি পট্টন দাবী সমিতিৰ নেতাগৰাকীয়ে কয়– মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতি সন্মান জনাই আমি আন্দোলন কাৰ্যসূচী ত্যাগ কৰা ঘোষণা কৰিলেও ভূমি অধিকাৰ সন্দৰ্ভত আমাৰ যি দাবী আছে সেয়া চৰকাৰে মানিব লাগিব। আমাৰ দাবী চৰকাৰে মানি নল’লে সমগ্ৰ অসমজুৰি নিৰৱচ্ছিন্ন আন্দোলন গঢ়ি তুলিব বুলিও ব্যক্ত কৰে।
আজিৰ অনুষ্ঠানত ভূমি অধিকাৰ সমিতিৰ সভাপতি গজেন চন্দ্ৰ ৰাভা, সম্পাদক আদিত্য নাগ, সদৌ অসম ব্ৰাহ্মণ সন্মিলনীৰ কামৰূপ জিলা সমিতিৰ সম্পাদক নীলমণি শৰ্মা, পৰিৱেশ কৰ্মী পক্ষীৰাজ ৰাভা লগতে বহুসংখ্যক বিষয়ববীয়া, সদস্য উপস্থিত থাকে।