/asomiyapratidin/media/media_files/2025/03/10/cT2udqMUR9PW5K0kHRD9.jpg)
কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰী ‘অসম গৌৰৱ বঁটা’ৰ বাবে নিৰ্বাচিত
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ৰামফলবিল আঠীয়াবাৰী নিৱাসী তথা বড়ো সাংস্কৃতিক জগতৰ একনিষ্ট সাধক বাৰলাংফা নাৰ্জাৰী অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত জিলাখনত আনন্দৰ বন্যা বৈছে। ১৯৯০ চনত বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰা কালৰে পৰা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক জগতত অবিৰতভাৱে সেৱা আগবঢ়াই অহা বাৰলাংফা নাৰ্জাৰীলৈ অসম গৌৰৱ বঁটা ঘোষিত হোৱাৰ পিছতে বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/media_files/2025/03/10/9S2pe62zhzy3jSLMjOqa.jpg)
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম গৌৰৱ বঁটা ঘোষণা কৰাৰ পিছতেই জিলাখনৰ লগতে বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰত আনন্দৰ বন্যা বৈছে আৰু বাগৰুম্বা নৃত্যৰে আনন্দ প্ৰকাশ কৰাৰ লগতে বাৰলাংফা নাৰ্জাৰীক বিভিন্ন দল, সংগঠন , অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইপিনে অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত বাৰলাংফা নাৰ্জাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
তেওঁ কয় যে বঁটা প্ৰাপ্তিয়ে কাম কৰিবলৈ প্ৰেৰণা আৰু উৎসাহ যোগায়। স্বীকৃতিয়ে নৱপ্ৰজন্মকো অনুপ্ৰেৰণা যোগায় বুলি মন্তব্য প্ৰকাশ কৰিছে বাৰলাংফা নাৰ্জাৰীয়ে।
উল্লেখ্য যে বাৰলাংফা নাৰ্জাৰীয়ে বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিত্য বাগুৰুম্বা, বাৰ্দৈ চিখলা আদি নৃত্যক জীয়াই ৰখাৰ স্বাৰ্থত ১৯৯০ চনতে বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰ গঠন কৰি নৱপ্ৰজন্মজ প্ৰশিক্ষণ দি আহিছিল। অকল বড়ো নৃত্যই নহয় বড়ো সাংস্কৃতিক বাদ্যযন্ত্ৰ যেনে- খাম, চিফুং আৰু চেৰ্জা আদি নিৰ্মাণ কৰিও আহিছে বাৰলাংফা নাৰ্জাৰীয়ে।
/asomiyapratidin/media/media_files/2025/03/10/NLLLG3O1PgAuGmsToT1I.jpg)
বড়ো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা বাদ্যযন্ত্ৰ পুণৰউদ্ধাৰ আৰু নিৰ্মানৰ কামতো অহৰহ জড়িত হৈ আছে শিল্পীগৰাকী। সাহিত্য অকাডেমী , ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দৰে অনুষ্ঠানত নিয়মিতভাৱে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা বাৰলাংফা নাৰ্জাৰীৰ নেৰ্তৃত্বত এলাহাবাদ, নাগপুৰ, কলকাতা , দিল্লী আদিত অনুষ্ঠিত হোৱা সাংস্কৃতিক উৎসৱসমূহতো বড়ো জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত হৈছে।
কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়; ভূটান, নেপাল , থাইলেণ্ড আদিতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সাংস্কৃতিক উৎসৱসমূহত বাৰলাংফা নাৰ্জাৰীৰ নেৰ্তৃত্বত বড়ো জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত হৈছে। কোকৰাঝাৰৰ সুসন্তান বাৰলাংফা নাৰ্জাৰী অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত স্বাভাৱিকভাৱে জিলাখনত আনন্দৰ বন্যা বৈছে ।