/asomiyapratidin/media/media_files/2025/06/08/DhDvmZ6Oym7JxTT4uUL9.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত আজি অনুষ্ঠিত হয় কৃতি ছাত্র-ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ যোৱাটো ফলাফলত কৃতিত্বৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্র-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয়।
উক্ত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই কয় যে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দি ছাত্র-ছাত্ৰী সকলক শিক্ষাদান কৰি অহা মৰ্ণিং ষ্টাৰ হাইস্কুলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিটো ফলাফলত আশাপ্ৰদ সফলতা দেখুৱাই অহাৰ লগতে আজিৰ প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশৰ লগত সমানে সমানে ফেৰ মাৰি যাবলৈ সক্ষম হৈ আহিছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিটো ফলাফলৰ সময়ত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ ফলাফললৈয়ো শিক্ষানুৰাগী ৰাইজে অধীৰ অপেক্ষাৰে বাট চাই থাকে বুলি উল্লেখ কৰে বিধায়ক উৎপল বৰাই।বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই আদৰণি ভাষণ দিয়া অভিনন্দন অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ দীনেশ কুমাৰ কেচিয়ে।
শিক্ষক জীৱন ঢুংগানাই আঁত ধৰা অভিনন্দন অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিষ্ট্ৰিংচন নম্বৰ প্ৰাপ্ত আঠ গৰাকী কৃতীমান ক্ৰমে অভিনৱ শইকীয়া (৯৪.৫%),অংশুমান ভৰদ্বাজ (৯০.৫%),অয়নাভ চলিহা (৮৯.১৬%),বিশাল কটেল (৮৬.৬৬%),লবনিচ লাহন (৮৬.৩৩%),মুকুতা ৰাজখোৱা (৮৫.৬৬%), সুৰভি ছেত্ৰী (৮৫.৬৬%) আৰু বিপ্লৱ বস্নেত( ৮৫%)।
লগতে ষ্টাৰ নম্বৰ লাভ কৰা সাত গৰাকী কৃতীমান ক্ৰমে অৰুনাভ মহন্ত (৭৬.৩৩%),কুন্টল হাজৰিকা (৭৫%),লিংদক ৰংহাং (৭৯.৬৬%),মহিৰ আত্ৰেয়( ৮৩.৮৩%) ,প্ৰশান্ত চাপকোটা( ৮১%),ৰিটুল শৰ্মা (৭৮.৮৩%) আৰু সমীক্ষা ঘিমিৰে (৭৭.৩৩%)ৰ উপৰিও ষ্টাৰ নম্বৰ,প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগ পোৱা ১০ গৰাকীক একোখনকৈ চেলেং, একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু এটাকৈ ফাইল কভাৰেৰে অভিনন্দন জনোৱা হয়।
তদুপৰি উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱা ১০ গৰাকী ছাত্র-ছাত্ৰীকো উক্ত অভিনন্দন অনুষ্ঠানত অভিনন্দন জনোৱা হয়। উক্ত অনুষ্ঠানত মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধৱ গোস্বামী,ছয়দুৱাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা টংলা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক চন্দন বৰুৱা, কনকলতা আদৰ্শ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তনয়া মহন্ত উপস্থিত থাকে।
লগতে বিশিষ্ট সমাজকৰ্মী শংকৰ লাল আগৰৱালা, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপক বৰুৱা , কলিতা,বীৰাংগনা কনকলতা বৰুৱাৰ ভতিজা অভিজিত বৰুৱা,শিক্ষক অমৰেন্দ্ৰ কলিতা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিও অনুষ্ঠানত অংশ লয়। উক্ত অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত সপ্তম শ্ৰেণীৰ এটা কোৰাচ,ষষ্ঠ শ্ৰেণীৰ দিহা নাম, বিহু নৃত্য আৰু সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে মুগ্ধ কৰে।