চিংলীজানত অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে বৰগাং বন বিভাগৰ অভিযান...

অৰুণাচলী লোক সকল সেই স্থানৰ পৰা জংঘলৰ মাজেৰে পলায়ন কৰে। অভিযানকাৰী বনৰক্ষীৰ দলটোৱে সেই স্থানৰ পৰা অৰুণাচলী লোক সকলে ব্যৱহাৰ কৰা এ-আৰ- ০২-এ-৪৫১০ নম্বৰৰ এখন জেচিবি আৰু এটা ৱাকি টকি জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চিংলীজান খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাধীন চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চলত বন ধ্বংসৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে অভিযান চলাইছে বন বিভাগে।

Advertisment

বৰগাং ৰেঞ্জৰ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাৰ তদাৰকত অব্যাহত থকা এই অভিযানত অৰুণাচলৰ আগ্ৰাসন যথেষ্ট পৰিমাণে ৰোধ হোৱা পৰিলক্ষিত হৈছে। চিংলীজান হস্তী সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ মাটিত বেদখল চলাবলৈ সুযোগৰ সন্ধানত থকা একাংশ অৰুণাচলীয়ে শেহতীয়া ভাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিও বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাৰ কঠোৰ পদক্ষেপৰ বাবে অৰুণাচলী লোক সকলে এখোজ আগলৈ আহি দুখোজ পিচুৱাব লগীয়া হৈছে।

বনাঞ্চলখনৰ ভিতৰত অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে যোৱা ১৫ জুলাইৰ সন্ধিয়া প্ৰায় ৬ বজাত দুলুঙত এক অভিযান চলাই বৰগাং বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা বনৰক্ষীৰ দলে।বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাৰ তদাৰকত চলোৱা উক্ত অভিযানৰ সময়ত দুলুঙৰ সমীপত একাংশ অৰুণাচলীয়ে জেচিবি লৈ জংঘল চফা কৰি থকা অৱস্থাত বনৰক্ষীৰ দলটোৱে অৰুণাচলী লোক সকলক খেদি যায়।

ফলত অৰুণাচলী লোক সকল সেই স্থানৰ পৰা জংঘলৰ মাজেৰে পলায়ন কৰে। অভিযানকাৰী বনৰক্ষীৰ দলটোৱে সেই স্থানৰ পৰা অৰুণাচলী লোক সকলে ব্যৱহাৰ কৰা এ-আৰ- ০২-এ-৪৫১০ নম্বৰৰ এখন জেচিবি আৰু এটা ৱাকি টকি জব্দ কৰে।

জব্দকৃত জেচিবি আৰু ৱাকি টকিটো বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যলয়ৰ জিন্মাত আছে বুলি জানিব পৰা গৈছে।অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ শলাগ লৈছে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

অৰুণাচল