২০০ তকৈ অধিক কলেজ থকা ভাৰতৰ একমাত্ৰ চহৰখন কি জানেনে ?

২০০ তকৈ অধিক কলেজ থকা ভাৰতৰ একমাত্ৰ চহৰখন কি জানেনে ?

author-image
Asomiya Pratidin
New Update
২০০ তকৈ অধিক কলেজ থকা ভাৰতৰ একমাত্ৰ চহৰখন কি জানেনে ?

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজ নিজ বৈশিষ্ট তথা সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্যৰ অন্তৰ্গত প্ৰতিখন চহৰৰ ঐতিহ্যই নিজ পৰিচয় বহন কৰে। ইয়াৰ মাজতে ভাৰতত এখন এনে চহৰ আছে য'ত ২০০ খনতকৈ অধিক মহাবিদ্যালয় আছে।

Advertisment

পৰ্যটন তথা শিক্ষাৰ ক্ষেত্ৰত জনপ্ৰিয় ভাৰতৰ এই চহৰখনক সৰ্ব বিদ্যাৰ ৰাজধানী আৰু জ্ঞান নগৰী বুলিও কোৱা হয়। এই চহৰখন হৈছে উত্তৰ প্ৰদেশৰ অন্তৰ্গত বানাৰস বা বাৰাণসী।

বাৰাণসীত ২০০ তকৈ অধিক কলেজ আছে। এই কলেজ সমূহত অন্য ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰোপৰি বাৰাণসীত এখন-দুখন নহয় ৫ খনকৈ বিশ্ববিদ্যালয় আছে। এই বিশ্ববিদ্যালয় সমূহত কেবাখনো কলেজ শাখাভুক্ত হৈ আছে।

বাৰাণসীৰ অন্তৰ্গত বিশ্ববিদ্যালয় সমূহ ক্ৰমে- বানাৰস হিন্দু বিশ্ববিদ্যালয়, মহাত্মা গান্ধী কাশী বিদ্যাপীঠ, সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, তিব্বতী শিক্ষা প্ৰতিষ্ঠান, আল-জামিয়া-উল-ছালাফিয়া।

baranas varanasi 5 universities