Advertisment

জনসমুদ্ৰত পৰিণত বৰমাৰ প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱ...

বাক্সা জিলাৰ বৰমাত প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱত আৰম্ভণিৰে পৰা ভক্তৰ লানিনিচিঙা সোঁত বৈছে ৷ প্ৰতিদিনে পুৱাৰ পৰা ৰাসৰসমূহ কাৰ্য্যসুচীতে ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে নিশা লৈকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ 

author-image
Asomiya Pratidin
New Update
raakh

ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ বৰমাত প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱত আৰম্ভণিৰে পৰা ভক্তৰ লানিনিচিঙা সোঁত বৈছে ৷ প্ৰতিদিনে পুৱাৰ পৰা ৰাসৰসমূহ কাৰ্য্যসুচীতে ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে নিশা লৈকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ 

Advertisment

বৰমা ৰাস মহোৎসৱত বুধবাৰে যাত্ৰাপাৰ্টি “সোনা মাইনাও নাইজাৱ আফাদ“ ৰ নাট প্ৰদৰ্শন কৰা হয় ৷ যাত্ৰা পাৰ্টি “সোনা মাইনাও নাইজাৱ আফাদ“ শুভ উদ্ধোধন কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক দেওবাৰ ৰামছিয়াৰীয়ে ৷ 

দেওবাৰ ৰামছিয়াৰীয়ে কয় যে ১৯৯৯ চনত এই যাত্ৰা পাৰ্টিৰ জন্ম হৈ আজি ৰূপলী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ এই যাত্ৰা পাৰ্টিৰ লগত আৰম্ভণিৰে পৰা জড়িত মহেন্দ্ৰ বড়ো, গজেন বড়োৰ দৰে সাংস্কৃতিক লোক সকলে অশেষ কষ্ট কৰি জীয়াই ৰাখিছে ৷

ইয়াত থকা কলা কুশলী সকলে অশেষ কষ্ট কৰি জীয়াই ৰাখিছে যদিও কিন্তু যেনেধৰণৰ পাৰিশ্ৰমিক পাব লাগিছিল তেনেধৰণৰ পাৰিশ্ৰমিক পাবলৈ সক্ষম হোৱা নাই ৷ অসম চৰকাৰ, বিটিচি চৰকাৰৰ সাংস্কৃতিক বিভাগে এই ক্ষেত্ৰত শু-দৃষ্টি ৰাখিলে হয়তো ইয়াতকৈ বেছিকৈ আগবাঢ়ি যোৱাত সহায়ক হব বুলিও কয় দেওবাৰ ৰামছিয়াৰীয়ে ৷ 

barama Raakh Mahotsav