/asomiyapratidin/media/media_files/2025/05/17/AuJobuVPEh5aiyqVK1pn.jpg)
ডিজিটেল সংবাদ,বৰমা: এ পি ডি চি এলৰ উচ্চ পদস্থ বিষয়াই বাক্সা জিলাৰ বৰমাত চুৰি বিদ্যুতৰ ওপৰত অতৰ্কিতে অভিযান চলায়। বৰমাৰ মুঠ ১৫টা স্থানত অভিযান চলাই ৮টা স্থানত বিদ্যুৎ চুৰি কৰাৰ তথ্য পোহৰলৈ আহে। সমাজত ভদ্ৰতাৰ পৰিচয় দিয়া তথা দুই- তিনি মহলীয়া অট্টালিকা সজা লোক সকলো আছে বিদ্যুৎ চোৰৰ তালিকাত।
সাধাৰণভাৱে এক কিলো ৱাটৰ বিদ্যুৎ সংযোগ দেখুৱাই প্ৰায় ন কিলো ৱাটৰ বিদ্যুৎ খৰচ কৰি থকা এনে বিদ্যুৎ চুৰি কাণ্ডত হতবাক হৈ পৰে অভিযানকাৰী দল। বিদ্যুৎ চুৰিত ওস্তাদ এইসকল লোকে নিজে থকা ঘৰৰ উপৰি ব্যৱসায় প্ৰতিষ্ঠানতো মিটাৰ বাইপাচ কৰি চুৰি বিদ্যুৎ সংযোগ কৰিছিল।
বৰমাত এই বৃহৎ বিদ্যুৎ চুৰি কাণ্ডত জড়িত থকাৰ অপৰাধত বৰমাৰ তিনিমহলীয়া অট্টালিকাৰ গৰাকী জনৈক আলীয়ে দুগৰাকীৰ পৰা ১,১১,৯৯০ টকা আৰু ১,০৭,৫৪৩ টকা অতিৰিক্ত লোডৰ বাবে কেইবাটাৰো ৩৮,২৬৭ টকা জৰিমনা লাভ কৰে বৰজাৰত থকা বৰমা বিদ্যু উপ সংমণ্ডলে।
ইয়াৰোপৰি আজিৰ অভিযানত বিদ্যুৎ চুৰিত অভিযুক্ত যিসকলে ২৪ ঘন্টাৰ ভিতৰত জৰিমনা আদায় নিদিয়ে তেওঁলোকৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়া হ'ব বুলিও অভিযানকাৰী দলে জানিবলৈ দিয়ে। আজিৰ অভিযানকাৰী দলটোত চি জি এম প্ৰসন্ন গগৈ, ডি জি এম (তদাৰকী )জি. এল. পাঠক, জ্যেষ্ঠ তদাৰকী বিষয়া টি চি দাস, এ জি এম চন্দন বৰা, বৰমা উপ সংমণ্ডল বিষয়া পাৰ্থজিৎ মজুমদাৰকে ধৰি কেইবাজনো কনিষ্ঠ অভিযন্তা, বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
চুৰি বিদ্যুৎৰ বাবে বিদ্যুৎ বিভাগে লোকচানৰ সন্মুখীন হোৱা বুলি দোহাৰি সমগ্ৰ অসমতে এনে বিদ্যুৎ চুৰিৰ ঘটনা সংঘটিত হৈ থকা বুলি জানিবলৈ দিয়ে চি জি এম প্ৰসন্ন গগৈয়ে। সকলো ৰাইজক বিদ্যুতৰ এনে চুৰি কাণ্ডৰ পৰা আতৰি থাকি সজাগ হ'বলৈ আহ্বান জনাইছে ।