/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4149714d-e95a-4a8a-9acb-1a1ba87a616f/barama.jpg)
BARAMA DURGA PUJA
ডিজিটেল সংবাদ,বৰমাঃ বাক্সা জিলাৰ আগশাৰীৰ বাৰোৱাৰী দুৰ্গা পূজা বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা শনিবাৰৰ পৰা আৰম্ভ হৈছে ৷ ৮৯ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ বাবে ইতিমধ্যেই এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।
অজয় দাসক সভাপতি, ভাৰত তালুকদাৰক কাৰ্যকৰী সভাপতি, ভূপেন চন্দ্ৰ কলিতাক মুখ্য সম্পাদক আৰু ভাৰত ৰাজবংশী, নৱজ্যোতি বৰ্মনক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনে পূজাৰ ব্যাপক আয়োজনৰ বাবে দিনে নিশাই কাম কাজ আগবঢ়াই নিছে।
পূজা উপলক্ষে বাঁহ শিল্পৰ স্থানীয় শিল্পীৰে মৰা পাগলাদিয়া নদীত বাহৰ দলং, চিৰিয়াখানা, পাৰ্ক, ডাইন'চৰৰ আতংক, ১০০ ফুট উচ্চতাৰ ৰাৱন বধ , চিনেমা প্ৰদৰ্শন চাৰ্কাচ , সাংস্কৃতিক অনুষ্ঠান স্মৰণিকা প্ৰকাশ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা বুলি সভাপতি অজয় দাসে জানিবলৈ দিছে।
সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী মতে ষষ্ঠীৰ পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি অজয় দাসে । বন্তি প্ৰজ্বলন মুকলি কৰে সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত চন্দ্ৰ তালুকদাৰে । ইয়াৰ পিছতে মুখ্য তোৰণ উন্মোচন কৰে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে । আনখন ধনীৰাম কলিতা কুহিপ্ৰিয়া কলিতা সোৱৰণী তোৰণ মুকলি কৰে সমাজকৰ্মী কন্দৰ্প শৰ্মাই ।
ইয়াৰ পিছতে সমন্বয় সাকো উদ্বোধন কৰে সমাজকৰ্মী ফুকন চন্দ্ৰ কলিতাই ৷ সন্ধিয়া চিৰিয়াখানা আৰু উদ্যান মুকলি কৰিব বৰমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমনি গোস্বামীয়ে। সপ্তমীৰ দিনা পুৱা ৬ বজাত অকুমাৰী ছোৱালীৰ দ্বাৰা জল আনয়ন কাৰ্যসূচীৰ পিছতে মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী ৰাজেন শৰ্মাই । পুৱা ৯ বজাত অনুষ্ঠিত হ'ব বিয়া নাম প্ৰতিযোগিতা । আবেলি ৫ বজাত স্মৰণিকা দেৱী দুৰ্গা উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক খগেন বৰ্মনে ।
সন্ধিয়া নাগাৰা নামৰ জনপ্ৰিয় পাঠক সুভাষ নাথৰ নাগাৰা নাম প্ৰদৰ্শন । ৩ অক্টোবৰৰ সন্ধিয়া অসমীয়া আৰু বড়ো আধুনিক একক নৃত্য প্ৰতিযোগিতা। উদ্বোধন কৰিব সমাজকৰ্মী ৰমনী শৰ্মাই ।
৪ অক্টোবৰৰ পুৱা ১০ বজাত লোকগীত প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ শৰ্মাই । সন্ধিয়া ৮ বজাত মহেন্দ্ৰ সিং সোৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কৰুনা কলিতাই । ৫ অক্টোবৰৰ আবেলি ৪ বজাত দেৱী প্ৰতিমা লৈ নগৰ ভ্ৰমন কৰাৰ পিছত মৰা পাগলদিয়া নৈত বিসৰ্জন দিব ।
সন্ধিয়া ৫ বজাত ৰাবন দাহন অনুষ্ঠান উদ্বোধন কৰিব অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহন কৰিব । ৭ বজাত শ্বহীদ নিৰোদ শৰ্মা সোৱৰণী সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব কণ্ঠশিল্পী ৰুমী কছাৰীয়ে । অনুষ্ঠানত সমূহ ধৰ্মপ্ৰান ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰে সভাপতি অজয় দাসে ৷