/asomiyapratidin/media/media_files/2025/03/31/phShUk1Q5QIC5pwpl7EC.jpg)
ডিজিটেল সংবাদ, শিলচৰ : এইবাৰ বৰাক ভেলী জাৰ্নালেজিম এৱাৰ্ড ২০২৫ বঁটা সন্মান লাভ কৰিছে শিলচৰৰ জ্যেষ্ঠ সাংবাদিক তমোজিত ভট্টাচাৰ্যই । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰাক ভেলী মিডিয়া ফ'ৰামৰ সহযোগত দেওবাৰে শিলচৰত এই বঁটা প্ৰদান কৰা হয়।
গান্ধী ভৱনত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ'ৰামৰ বিষয়ববীয়াসকলে। ফুলাম জাপি, ফুলাম গামোচা , এখন স্মাৰকৰ লগতে বঁটা হিচাপে নগদ ১০ হাজাৰ ১ টকা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক তমোজিত ভট্টাচাৰ্যক।
ভট্টাচাৰ্যৰ লগতে শিলচৰৰ আন এগৰাকী বিশিষ্ট সাংবাদিক চয়ন ভট্টাচাৰ্যকো ফুলাম জাপি, ফুলাম গামোচা
আৰু মেমন্ট'ৰে সম্বৰ্ধনা জনোৱা হয়। বঁটা লাভ কৰি অভিভূত হৈ পৰে বৰাকৰ জ্যেষ্ঠ সাংবাদিক তমোজিত ভট্টাচাৰ্য। এই বঁটাই বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাংবাদিকসকলৰ মাজত সমন্বয়ৰ সেতু ৰচনা কৰিব বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। ভাড়াঘৰত থাকি সাংবাদিকতা কৰা সাংবাদিকসকলক আৱাস নিৰ্মাণ কৰি দিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।
ইফালে, চাৰিটা দশকত ধৰি সাংবাদিকতা কৰি অহা শিলচৰৰ জ্যেষ্ঠ সাংবাদিক তমোজিত ভট্টাচাৰ্যক এই বঁটা প্ৰদান কৰিবলৈ পাই যথেষ্ট আনন্দিত অসম ৰাজ্যিক সাংবাদিক সন্থা। সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সাংবাদিক অৱগত কৰা মতে,
ইমান দিনে ব্ৰহ্মপুত্ৰ উপত্যকা জাৰ্নালিজম এৱাৰ্ড ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমাবদ্ধ আছিল। এই বছৰ বৰাক উপত্যকাতো এই বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।
সেই মতে দেওবাৰে প্ৰথমগৰাকী বৰাকৰ সাংবাদিক তমোজিত ভট্টাচাৰ্যক এই বৰাক ভেলী জাৰ্নালিজম এৱাৰ্ড প্ৰদান কৰা হয়। প্ৰতি বছৰে বৰাকৰ একোজন সাংবাদিকক এই বৰাক ভেলী জাৰ্নালিজম এৱাৰ্ড প্ৰদান কৰা হ'ব বুলি সদৰী কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।