/asomiyapratidin/media/media_files/2025/06/21/ioood-2025-06-21-21-04-28.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ-ইজৰাইলৰ যুদ্ধত এইবাৰ চৰ্চালৈ আহিছে ভাৰতত নিৰ্মিত বাৰাক-৮ প্ৰতিৰক্ষা ব্যৱস্থা। শত্ৰুক আকাশীপথত বাধা দিবলৈ ব্যৱহাৰ কৰা এই বাৰাক-৮ৰ ব্যৱহাৰেৰে ইজৰাইলে আকাশমাৰ্গতে ধ্বংস কৰিছে ইৰাণৰ বহু ড্ৰোণ। ইজৰাইল সেনাই এই বাৰাক-৮ ব্যৱহাৰক লৈ এতিয়া চিন্তিত হৈ পৰিছে ইৰাণ।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ইজৰাইল এৰ'স্পেছ ইণ্ডাষ্ট্ৰীজে যুটীয়াভাৱে এই বৰাক-৮ ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰিছে। ১০০কিলোমিটাৰ দুৰত্ব পৰ্যন্ত যিকোনো ড্ৰোণ বা মিছাইল আকাশমাৰ্গতে ধ্বংস কৰিব পাৰে এই বাৰাক-৮এ।
এই ক্ষেপনাস্ত্ৰ বিধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ভাৰত ভূমিকা ইজৰাইলৰ তুলনাত অধিক আছিল। ইয়াত ব্যৱহাৰ কৰা ডুৱেল পালছ মটৰ ৰকেট, ফাষ্ট ভেক্টৰ কট্ৰল আৰু অন্যান্য ভিন্ন চিষ্টেমৰ ক্ষেত্ৰত ভাৰতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ই ৩৬০ডিগ্ৰীৰ ক্ষেত্ৰতো শত্ৰুক প্ৰতিহত কৰিব পাৰে।
পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰতো এই ক্ষেপনাস্ত্ৰ বিধকে ব্যৱহাৰ কৰিছিল ভাৰতে। ২০২১ৰ ৯ছেপ্টেম্বৰত এই বাৰাক-৮ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। জলছালমেৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বাৰাক-৮ক আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনাৰ হাতত তুলি দিছিল।