/asomiyapratidin/media/media_files/2025/08/06/18-2025-08-06-17-27-56.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গুৱাহাটীৰ জয়ানগৰৰ ৰেছমা নগৰত বাপ্তিছ ই'ন নামৰ এটা গেষ্ট হাউছ খুলি যৌন ব্যৱসায়ৰ পোহাৰ মেলি বশিষ্ঠ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা গহপুৰৰ বাপ্তি হাজৰিকা(৩২) কম বয়সৰে পৰা বিভিন্ন কু-কৰ্মৰ লগত জড়িত। গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মাজান চিলঠিয়া নিবাসী ৰঞ্জিত (পুতুল) হাজৰিকা আৰু জয়া হাজৰিকাৰ পুত্ৰ বাপ্তি হাজৰিকাই গহপুৰ নগৰৰ মাজমজিয়াত এখন ভুৱা পেৰামেডিকেল শৈক্ষিক প্ৰতিষ্ঠান খুলি এক ৰমৰমীয়া বেপাৰ চলাইছিল।
পেৰামেডিকেল শৈক্ষিক প্ৰতিষ্ঠানখনৰ বিষয়ে চকুত লগাকৈ বিজ্ঞাপন প্ৰকাশ কৰি বহু শিক্ষাৰ্থীক উক্ত প্ৰতিষ্ঠানখনৰ প্ৰতি আকৰ্ষিত কৰিছিল। প্ৰতিষ্ঠানখনৰ দুবছৰীয়া পাঠ্যক্ৰম শেষ হ'লে চাকৰিত মকৰল কৰাৰো প্ৰলোভন দিছিল বাপ্তি হাজৰিকাই।
তেওঁৰ এই প্ৰলোভনত ভোল গৈ বহু শিক্ষাৰ্থীয়ে হাজাৰ হাজাৰ টকা দি নামভৰ্তি কৰিছিল বাপ্তি হাজৰিকাৰ উক্ত পেৰামেডিকেল প্ৰতিষ্ঠানত। বাপ্তি হাজৰিকাই সেই সময়ত উক্ত ভুৱা পেৰামেডিকেল শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা নামভৰ্তি আৰু মাহেকীয়া মাছুলৰ বাবদ শিক্ষাৰ্থী সকলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁৰ উক্ত প্ৰতিষ্ঠানখন ভুৱা বুলি এক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ পাইছিল। উক্ত বাতৰিৰ পিছত স্বাস্থ্য বিভাগ আৰু গহপুৰ মহকুমা প্ৰশাসনে চলোৱা তদন্তৰ অন্তত তেওঁৰ উক্ত ভুৱা প্ৰতিষ্ঠানখন ভুৱা বুলি প্ৰমাণিত হোৱাত উক্ত প্ৰতিষ্ঠানখনত তলা ওলোমাই দিয়ে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে। ইয়াৰ পিছতে তেওঁ বহুদিন আত্মগোপন কৰি থাকে।
ইতিমধ্যে তেওঁক আদায় দিয়া নামভৰ্ত্তি আৰু মাহেকীয়া মাছুল পুনৰ ঘূৰাই বিচাৰি শ-শ শিক্ষাৰ্থীয়ে তেওঁক বিচাৰি চলাথ কৰে যদিও তেওঁৰ কোনো শুং-সূত্ৰ উলিয়াব নোৱাৰিলে। এনেদৰে আত্মগোপন কৰি থকাৰ বহুদিন পিছত বাপ্তি হাজৰিকা জড়িত হয় জালনোটৰ ব্যৱসায়ৰ লগত।
বিহপুৰীয়াৰ এখন ভিতৰুৱা গাঁৱত জালনোটসহ স্থানীয় ৰাইজে হাতেলোটে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত জেলৰ ভাত খাইছিল বাপ্তি হাজৰিকাই। আৰক্ষীয়ে সেই সময়ত বাপ্তি হাজৰিকাৰ চিলঠিয়াৰ ঘৰৰ পৰা জালনোট তৈয়াৰ কৰা এটা মেচিনো জব্দ কৰিছিল।
বিভিন্ন কু-কৰ্মৰে জড়িত বাপ্তি হাজৰিকাই যৌনতাৰ বেহাৰ লগত জড়িত হৈ শেহতীয়াভাৱে গ্ৰেপ্তাৰ হোৱাৰ পিছত স্থানীয় ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বাপ্তি হাজৰিকাৰ ঘৰৰ পৰিৱেশ কিছুবছৰ আগলৈকে ইমান চকুত লগা বিধৰ নহয়।
কাৰণ বাপ্তিৰ পিতৃ ৰঞ্জিত হাজৰিকা এজন সাধাৰণ খেতিয়ক। ৰঞ্জিত হাজৰিকাৰ ছোৱালী দুজনীসহ ল'ৰা মাত্ৰ বাপ্তি। কেৱল কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰশীল পৰিয়ালটোৰ যোৱা ৭-৮ বছৰৰ ভিতৰত চমৎকাৰী পৰিবৰ্তন ঘটে।
বাপ্তি হাজৰিকা গুৱাহাটীত থাকিবলৈ লৈ ব্যৱসায়(?) কৰিবলৈ লোৱাৰ পিছৰে পৰা বাপ্তি হাজৰিকাৰ চিলঠিয়াৰ বাসগৃহৰ অভাৱনীয় পৰিবৰ্তন ঘটে। পিতৃৰ দিনৰ আওপুৰণি ঘৰটো হঠাতে চকুত লগা হৈ পৰাত স্থানীয় ৰাইজে বাপ্তি হাজৰিকাৰ উথানক লৈ চৰ্চা কৰিবলৈ লয় যদিও ইয়াৰ কোনো ওৰ বিচাৰি পোৱা নাছিল।
তদুপৰি বাসগৃহটোত স্থাপন কৰে বাতানুকুল যন্ত্ৰও(এচি)।তদুপৰি নতুনকৈ ক্ৰয় কৰে এখন ১২-১৪ লাখটকীয়া ট্ৰেক্টৰ। লগতে ক্ৰয় কৰে ধান মৰণা মৰা মেচিন। কেৱল ইমানেই নহয় ধান খুন্দা মেছিনো স্থাপন কৰে ঘৰৰ চৌহদত।
বাপ্তি হাজৰিকা গুৱাহাটীলৈ যোৱাৰ পিছৰে পৰা চিলঠিয়াৰ ঘৰখনত হোৱা ৰহস্যজনক উথানৰ আঁৰত যে বাপ্তি হাজৰিকাৰ যৌনতাৰ বেহাৰ কলংকিত অধ্যায় জড়িত হৈ আছে সেই কথা এতিয়া স্থানীয় ৰাইজে বুজি উঠিছে। স্থানীয় ৰাইজে এইক্ষেত্ৰত জানিবলৈ দি কয় যে- বিহুৱে পুজাই যেতিয়াই বাপ্তি হাজৰিকা ঘৰলৈ আহে তেতিয়া তেওঁ বিলাসী গাড়ীৰে গুৱাহাটীৰ পৰা আহে ঘৰলৈ। প্ৰতি বাৰতে তেওঁ লগত লৈ আহে কম বয়সীয়া ৪-৫ জনী আধুনীকা যুৱতী।
তদুপৰি প্ৰতি বাৰতে আহে বেলেগ বেলেগ চেহেৰাৰ যুৱতী। কিছুদিনৰ আগতে হৈ যোৱা ভগ্নীৰ বিবাহ অনুষ্ঠানলৈয়ো লৈ আহিছিল চাৰিজনী কম বয়সীয়া যুৱতী। স্থানীয় ৰাইজে উক্ত যুৱতীসকল বাপ্তি হাজৰিকাৰ ব্যৱসায়িক পাৰ্টনাৰ বুলি ভাবি আহিছিল যদিও শেহতীয়াভাৱে তেওঁৰ গ্ৰেপ্তাৰৰ পিছত সমস্ত কথা জলজল পটপট হৈ পৰে।