/asomiyapratidin/media/media_files/2025/04/14/m4uHfNBmKU6EiyDChmgu.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক লৈ ধুবুৰীতো ৰাইজৰ মাজত উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে । সোমবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমীয়াৰ অতি আদৰৰ বাপতি সাহোন ৰঙালী বিহুটিৰ শুভাৰম্ভ কৰে ।
সেইমতে আজি পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰে ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত বণ্টি তালুকদাৰে। ইয়াৰ পিচতে স্মৃতি তৰ্পণ কাৰ্যসূচীত তৰ্পক হিচাপে উপস্থিত থাকে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উদয়ন চক্ৰৱৰ্তী।
আজি বিহু হুঁচুৰি পৰিৱেশন কৰাৰ লগতে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ধুবুৰী চহৰত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়।