আজিৰে পৰা বাওঁখুংগ্ৰী মহোৎসৱ আৰম্ভ...

চ'তৰ সংক্ৰান্তিৰ দিনা বাওখুংগ্ৰী পাহাৰ বগাই ভগৱান শিৱৰ আশীষ লৈ বছৰটোলৈ সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে মনোকামনা পূৰ্ণ হোৱাৰ পৰম্পৰা বড়ো সমাজত পূৰ্বৰে পৰা চলি আহিছে...

author-image
Asomiya Pratidin
New Update
বাওঁখুংগ্ৰী মহোৎসৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী হৰিণাগুৰীৰ বাওঁখুংগ্ৰী পাহাৰৰ দাঁতিত আজিৰে পৰা অৰ্থাৎ ১২ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ১২ সংখ্যক বাওঁখুংগ্ৰী মহোৎসৱ ৷ চ'তৰ সংক্ৰান্তিৰ দিনা বাওখুংগ্ৰী পাহাৰ বগাই ভগৱান শিৱৰ আশীষ লৈ বছৰটোলৈ সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে মনোকামনা পূৰ্ণ হোৱাৰ পৰম্পৰা বড়ো সমাজত পূৰ্বৰে পৰা চলি আহিছে এই প্ৰথা। সেই প্ৰাচীন পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবেলিও বাওখুংগ্ৰী মহোৎসৱ বিটিচি চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ।

Advertisment

বাওঁখুংগ্ৰী মহোৎসৱ

বিটিচি চৰকাৰৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বাঁওখুংগ্ৰী মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধন কৰে বিটিচি চৰকাৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ৷ বাৰেবৰণীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বাওখুংগ্ৰী উৎসৱৰ সতে সংগতি ৰাখি পৰম্পৰাগত খেল যেনে- খোমলাইনায়, ঘিলাযুঁজৰ লগতে হাফ মাৰাথন ৰেচ, চাইক্লিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ 

বাওঁখুংগ্ৰী মহোৎসৱ

তাৰোপৰি বড়ো জনগোষ্ঠীও বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিভিন্ন বিপণী উৎসৱথলীত গঢ়ি তোলাৰ লগতে মহোৎসৱথলীত জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷  সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে ৷ 

আনহাতে চ'তৰ সংক্ৰান্তি দিনাখন অৰ্থাৎ ১৪ এপ্ৰিলত প্ৰাচীন পৰম্পৰা অনুযায়ী হাজাৰ হাজাৰ লোকে বাওঁখুংগ্ৰী পাহাৰ বগাই ভগবান শিৱৰ আশীষ ল’ব ৷  উল্লেখ্য যে, বাওঁখুংগ্ৰী মহোৎসৱৰ আজিৰ প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীত বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো,  ৰঞ্জিত বসুমতাৰী আৰু স্থানীয় বিধায়ক লৰেন্স ইছলাৰী উপস্থিত থাকে ৷

kokrajhar