Advertisment

অভিলেখঃ ২০২৪ৰ ডিচেম্বৰত ১৬.৭৩ বিলিয়ন UPI লেনদেন...

কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰা ডিজিটেল ইণ্ডিয়াৰ সপোন সাকাৰ হোৱাৰ দিশে। ২০২৪ৰ ডিচেম্বৰত ডিজিটেল লেনদেনে উৰ্ধমুখী ধাৰা অব্যাহত ৰাখি ইউ পি আই লেনদেনৰ পৰিমাণ ৮শতাংশ বৃদ্ধি পায়। ডিচেম্বৰ মাহটোত ভাৰতত ১৬.৭৩ বিলিয়ন ইউ পি আই লেনদেনে এক অভিলেখৰ সৃষ্টি কৰে।

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে Photograph: (কেন্দ্ৰীয় চৰকাৰে )

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰা ডিজিটেল ইণ্ডিয়াৰ সপোন সাকাৰ হোৱাৰ দিশে। ২০২৪ৰ ডিচেম্বৰত ডিজিটেল লেনদেনে উৰ্ধমুখী ধাৰা অব্যাহত ৰাখি ইউ পি আই লেনদেনৰ পৰিমাণ ৮শতাংশ বৃদ্ধি পায়। ডিচেম্বৰ মাহটোত ভাৰতত ১৬.৭৩ বিলিয়ন ইউ পি আই লেনদেনে এক অভিলেখৰ সৃষ্টি কৰে।

Advertisment

ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (এনপিচিআই)ৰ তথ্য অনুসৰি ডিচেম্বৰ মাহত ইউপিআইৰ লেনদেনৰ মূল্য ৮% বৃদ্ধি পাই ২৩.২৫ লাখ কোটি টকা হৈছে, যিটো নৱেম্বৰ মাহত ২১.৫৫ লাখ কোটি টকা আছিল। গোটেই বছৰটোৰ বাবে ইউপিআইয়ে প্ৰায় ১৭২ বিলিয়ন লেনদেন প্ৰক্ৰিয়াকৰণ কৰিছিল, যিটো ২০২৩ চনত ১১৮ বিলিয়ন লেনদেনৰ তুলনাত ৪৬% বৃদ্ধি পাইছে।

মূল্যৰ হিচাপত তথ্য অনুসৰি ২০২৩ চনত ১৮৩ লাখ কোটি টকাৰ তুলনাত যোৱা বছৰ ইউপিআইৰ লেনদেন ৩৫% বৃদ্ধি পাই প্ৰায় ২৪৭ লাখ কোটি টকা হৈছে।  বছৰেকীয়া ভিত্তিত ইউপিআইৰ লেনদেনৰ পৰিমাণ ৩৯% বৃদ্ধি আৰু মূল্য ২৮% বৃদ্ধি পোৱা দেখা গৈছে।

আনহাতে  FASTag লেনদেনৰ পৰিমাণ ৬% বৃদ্ধি পাই ডিচেম্বৰ মাহত ৩৮২ মিলিয়ন হৈছে, নৱেম্বৰ মাহত ৩৫৯ মিলিয়ন আৰু অক্টোবৰ মাহত ৩৪৫ মিলিয়ন হৈছিল। নৱেম্বৰ মাহত ৬,০৭০ কোটি আৰু অক্টোবৰ মাহত ৬,১১৫ কোটি টকাৰ বিপৰীতে এই মূল্যও ৯% বৃদ্ধি পাই ৬,৬৪২ কোটি টকা হৈছে।

কেন্দ্ৰীয় চৰকাৰ