ডিজিটেল ডেস্কঃ বেংক কৰ্মচাৰী সকলক সকাহ প্ৰদানৰ উদ্দেশ্যে এক সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা মধ্যপ্ৰদেশৰ সকলো ৰাষ্ট্ৰীয়কৃত বেংকত নতুন সময় প্ৰযোজ্য হ’ব। যাৰ ফলত বেংকিং সেৱাৰ উন্নতি আৰু গ্ৰাহকৰ সুবিধা নিশ্চিত হ’ব।
ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিৰ এই সিদ্ধান্ত অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ সকলো বেংক একেদৰে খোলা থাকিব। এই পৰিৱৰ্তনে গ্ৰাহকৰ সময় ৰাহি কৰাই নহয় বেংকিং প্ৰক্ৰিয়াও ক্ষিপ্ৰ কৰিব।
বৰ্তমান সময়ত প্ৰতিটো বেংকৰ বিভিন্ন সময়সূচীৰ বাবে গ্ৰাহকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যদি কোনো গ্ৰাহকে এদিনতে দুটা বেংকত কাম কৰিবলগীয়া হয়, তেন্তে তেওঁ সময়ক লৈ সমস্যাৰ সন্মুখীন হ’ব। কিছুমান বেংক পুৱা ১০ বজাত, কোনোবা ১০:৩০ বজাত আৰু কিছুমান ১১ বজাত খোলে। এই বৈষম্যৰ ফলত গ্ৰাহক সকলৰ অপেক্ষাৰ সময় দীঘলীয়া হোৱা লগতে বেংকৰ কাৰ্য্যকলাপত পলম হয়।
এনে বহু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া গ্ৰাহকে একে সময়তে সকলো বেংকৰ পৰা সেৱা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ সময় ৰাহি হ’ব আৰু বেংকিং কাম শীঘ্ৰে সম্পূৰ্ণ হ’ব।