বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনৰ কোটি টকীয়া কেলেংকাৰীঃ ২৪ টা কৈ ভুৱা একাউণ্টে চলিছিল লুণ্ঠন

ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ধেমাজি কাৰ্য্যালয়ৰ বেংক মিত্ৰই ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত কৰা তিনি কোটি টকীয়াৰ কেলেংকাৰী বিষয়লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনৰ কোটি টকীয়া কেলেংকাৰীঃ ২৪ টা কৈ ভুৱা একাউণ্টে চলিছিল লুণ্ঠন

ডিজিটেল সংবাদ,ধেমাজি: ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ধেমাজি কাৰ্য্যালয়ৰ বেংক মিত্ৰই ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত কৰা তিনি কোটি টকীয়াৰ কেলেংকাৰী বিষয়লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে  ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধেমাজি কাৰ্য্যালয়ৰ  খণ্ড প্ৰকল্প পৰিচালক প্ৰণৱজ্যোতি দলে আৰু জিলা প্ৰকল্প পৰিচালক জয়ন্ত বৰাই সোমবাৰে বিয়লি কেতবোৰ তথ্য  ৰাজহুৱা কৰিছে ৷

Advertisment

ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগৰ উপস্থিতত ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ পৰিচালকদ্বয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰামতে ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ পৰা তেওঁলোকে এতিয়ালৈকে পোৱা তথ্য অনুসৰি বেংকত ২৪ টাকৈ ভুৱা একাউণ্ট খুলি ৬০ লাখকৈ  টকা ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ  অজ্ঞাতেই ১৩ টা আত্মসহায়ক গোটৰ নামত উলিয়াই নিয়াৰ লগতে আৰু ১১ টা গোটৰ নামত ধন দিবলৈ প্ৰক্ৰিয়া আৰম্ভণি হওঁতেই কেলেংকাৰীৰ কাহিনী পোহৰলৈ আহে।

ইতিমধ্যে কাৰ্য্যালয়ে ৪৮ টা আত্মসহায়ক গোটৰ নামত ৪৮০ গৰাকী মহিলাৰ নাম কেলেংকাৰীত সাঙোৰ খাইছে যদিও অৱেশ্যে  বহুকেইটা আত্মসহায়ক গোটক বেংকে ইতিমধ্যে আপত্তিবিহীন পত্ৰ প্ৰদান কৰিছে ৷ এই  কোটি টকীয়া কেলেংকাৰী ঘটনাত বেংকমিত্ৰ কল্পনা চেতিয়া বৰ্মনৰ সৈতে কাৰ্য্যালয়ৰ আন কৰ্মচাৰী আৰু বেংকৰ এটা চক্ৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে।

মূল অপৰাধী কল্পনা চেতিয়া বৰ্মনক গ্ৰেপ্তাৰ কৰি ঘটনা তদন্তৰ হলেই বিয়াগোম কোটি টকা কেলেংকাৰী কাহিনী পোহৰলৈ আহি পৰাটো  নিশ্চিত হৈ পৰিছে৷

কেলেংকাৰী প্ৰৱঞ্চনা