ছিকিমৰ তীস্তা নদী চীনক গতাই দিয়াৰ ব্লুপ্ৰিন্ট ৰচিছে বাংলাদেশে!

চীনৰ সৈতে মিতিৰালি কৰি অচিৰেই বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতক প্ৰচণ্ড এটা আঘাত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ভাৰত-বাংলাদেশৰ মাজত তীস্তা নদীক লৈ বিবাদ অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
চীনৰ সৈতে মিতিৰালি

চীনৰ সৈতে মিতিৰালি

ডিজিটেল ডেস্কঃ চীনৰ সৈতে মিতিৰালি কৰি অচিৰেই বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতক প্ৰচণ্ড এটা আঘাত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ভাৰত-বাংলাদেশৰ মাজত তীস্তা নদীক লৈ বিবাদ অব্যাহত আছে। পূৰ্বৰ শ্বেইখ হাছিনা চৰকাৰৰ দিনত এই নদীখনক লৈ বহুবাৰ দুয়োখন দেশৰ চৰকাৰ বৈঠকত বহিছিল যদিও কোনো সমাধানৰ সূত্ৰ ওলোৱা নাছিল।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, তীস্তা নদী হৈছে ছিকিমৰ পৰা উতপত্তি হৈ ভাৰতৰ পূব সমভূমিৰ মাজেৰ প্ৰায় ৩০৫কিলোমিটাৰ বৈ বাংলাদেশত প্ৰৱেশ কৰিছে। এই নদীখনত প্ৰকল্প স্থাপন কৰাক লৈ চীনে বাৰে বাৰে চেষ্টা কৰি আহিছিল যদিও শ্বেইখ হাছিনা চৰকাৰে নদী প্ৰকল্পসমূহৰ পৰা আঁতৰাই ৰাখিছিল ৰঙা চীনক।

কিন্তু শেহতীয়াকৈ এক ভয়ংকৰ খবৰ আহিছে। বাংলাদেশৰ মহম্মদ ইউনুুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে এই তীস্তা নদীত চীনৰ সৈতে লগ হৈ নদী প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এই কথা বাংলাদেশৰ এগৰাকী নদী বিশেষজ্ঞই ৰাজহুৱা কৰিছে।

নদী বিশেষজ্ঞ তুহিন ভদ্ৰাই সদৰি কৰা তথ্য অনুসৰি, এই তীস্তা নদীত প্ৰকল্প স্থাপনৰ বাবে পূৰ্বৰে পৰাই মাষ্টাৰ প্লেন সাজু কৰি ৰাখিছে চীনে। পূৰ্বৰ শ্বেইখ হাছিনা চৰকাৰৰ দিনত চীনে গ্ৰীণ ছিগনেল লাভ কৰা নাছিল যদিও ইউনুছ চৰকাৰে চীনৰ সৈতে উক্ত বিষয়ক লৈ কথা পাতিছে।

চীনৰ সৈতে আলোচনা কৰি উক্ত বিষয়টোক লৈ দুবছৰ সময় বিচাৰিছে ইউনুছ চৰকাৰে। টেলিগ্ৰাফে প্ৰকাশ কৰা বাতৰি অনুসৰি, তীস্তা নদীক লৈ চীনে প্ৰস্তুত কৰা মাষ্টাৰ প্লেনৰ কপি সংগ্ৰহ কৰিছে বাংলাদেশ চৰকাৰে। 

বাংলাদেশ