ধুবুৰীত বাহৰ পাতিছে বাংলাদেশী কিন্নৰে

শনিবাৰে ধুবুৰী সদৰ থানালৈ এদল কিন্নৰে আহি আৰক্ষীৰ আগত বাংলাদেশী কিন্নৰ ধুবুৰীত বাহৰ পাতি থকা বুলি অভিযোগ দিয়াৰ পিচতে আৰক্ষীয়ে ধুবুৰীৰ বগুলামাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে এগৰাকী কিন্নৰক আটক কৰি ধুবুৰী সদৰ থানালৈ লৈ আনে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (3)

ডিজিটেল সংবাদ, ধুবুৰীঃ শনিবাৰে ধুবুৰী সদৰ থানালৈ এদল কিন্নৰে আহি আৰক্ষীৰ আগত বাংলাদেশী কিন্নৰ ধুবুৰীত বাহৰ পাতি থকা বুলি অভিযোগ দিয়াৰ পিচতে আৰক্ষীয়ে ধুবুৰীৰ বগুলামাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে এগৰাকী কিন্নৰক আটক কৰি ধুবুৰী সদৰ থানালৈ লৈ আনে।

Advertisment

আৰক্ষীয়ে আটক কৰি অনা কিন্নৰ গৰাকী বাংলাদেশী হয় বুলি দাবী কৰিছে ধুবুৰী জিলাৰ কিন্নৰ সমাজে। ধুবুৰী জিলাৰ কিন্নৰ সমাজৰ অভিযোগ অনুসৰি, ধুবুৰীত বিগত প্ৰায় চাৰি বছৰ ধৰি বসবাস কৰি আহিছিল কেইবাগৰাকী বাংলাদেশী কিন্নৰ। ইপিনে আটকাধীন কিন্নৰ জনৰ নাম ছাৰভিন খাতুন বুলি জানিব পৰা গৈছে ৷ ধৃত ছাৰভিন খাতুনে ভাৰতীয় কোনো কাগজ-পাতি আৰক্ষীক দেখুৱাব পৰা নাই। সম্প্ৰতি এই বিষয়ে ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰী