/asomiyapratidin/media/media_files/2025/06/22/1gdgdfg-2025-06-22-13-09-50.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰত যোৱা নিশা এজন বাংলাদেশী যুৱকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।গৌৰীপুৰ মাজিপাৰা অঞ্চলৰ পৰা ৰাইজে আটক কৰে বাংলাদেশী যুৱক জনক। এগৰাকী যুৱতীক পলুৱাই নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল যুৱক জন।
গৌৰীপুৰৰ ডাৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে যুৱক জনৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ বাবেই বাংলাদেশৰ পৰা অসমৰ গৌৰীপুৰ লৈ আহিছিল বাংলাদেশী যুৱক জন। যুৱক জন বাংলাদেশৰ ফেনী জিলাৰ পশ্চিম বসন্তপুৰৰ ৰিত্তিক চন্দ্ৰ পাল বুলি জানিব পৰা গৈছে।
ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ডাৰচৌকা অঞ্চলৰ এগৰাকী যুৱতীক পলুৱাই নিবলৈ আহিছিল যুৱক জন। যুৱতী গৰাকীক পলুৱাই নি গৌৰীপুৰ অভিমুখে আহি থাকোতে মাজিপাৰা অঞ্চলৰ ৰাইজে সোধাপোচা কৰাত নিজকে বাংলাদেশী বুলি পৰিচয় দিয়ে যুৱক জনে।
লগে লগে স্থানীয় লোকে খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ যুৱক যুৱতী হালক উদ্ধাৰ কৰি থানালৈ আনে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।