/asomiyapratidin/media/media_files/2024/12/23/0VfHVu08f6TsQ66wM20u.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত পুনৰ আটক বাংলাদেশী নাগৰিক । সীমান্তৱৰ্তী অঞ্চল জোৰডাঙাৰ পৰা আটক কৰা হয় বাংলাদেশী কেইটা ।
মানকাচৰ আৰক্ষীয়ে আটক কৰি বাংলাদেশী কেইটাক বৰ্তমানে জেৰা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে জোৰডাঙা গাঁৱৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল লোক কেইজন । ইতিমধ্যে থানাত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু বিএছএফৰ শীৰ্ষ বিষয়া ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us