/asomiyapratidin/media/media_files/2025/04/06/vgocE0VmAxn3rsjOGoPP.jpg)
বাংলাদেশী গৰু চোৰক গ্ৰেপ্তাৰ
ডিজিটেল সংবাদ, শিলচৰ: ভাৰতলৈ গৰু চুৰি কৰিবলৈ আহি গ্ৰেপ্তাৰ হ'ল দুই বাংলাদেশী নাগৰিক। এই দুই বাংলাদেশী গৰু চোৰৰ সৈতে আছিল এটা ভাৰতীয় চোৰ। শ্ৰী ভূমি জিলাৰ বাংলাদেশ সীমান্তৰ লক্ষীপুৰৰ পৰা বি এছ এফে গ্ৰেপ্তাৰ কৰে গৰু চোৰ ৩টাক। উন্মুক্ত সীমান্তৰ এলিফেন্ট কৰিড'ৰৰ মাজেৰে গৰু চুৰি কৰিবলৈ চাৰিজনীয়া বাংলাদেশী গৰু চোৰৰ দল এটা ভাৰতত প্ৰৱেশ কৰিছিল। এনে সময়তে স্থানীয়লোকে আটক কৰে গৰু চোৰ কেইটাক। পিছত বি এছ এফ ক গতাই দিয়া হয় ধৃত লোক কেইটাক।
ধৃত বাংলাদেশী চোত দুটা মৌলৱী বজাৰ জিলাৰ বৰ'লেখা থানাৰ অন্তৰ্গত ধীমাই গাৱঁৰ আব্দুল কাদিৰ আৰু গিয়াছ উদ্দিন। আনহাতে, ধৃত ভাৰতীয় গৰুচোৰটো পাথাৰকান্দি থানা এলেকাৰ পশ্চিম লক্ষীপুৰৰ নুৰুদ্দিন বুলি নিশ্চিত কৰিছে বি এছ এফে। চোৰ কেইটাৰ পৰা কাঁইটীয়া তাঁৰ কটা প্লাছ, টৰ্চলাইট, মোবাইল ফোনসহ কিছু সামগ্ৰী জব্দ কৰিছে বিএছএফএ। জানিব পৰা মতে, গৰু চুৰি কৰিবলৈ ধৃত নুৰুদ্দিনে বাংলাদেশী চাৰিটা চোৰক লক্ষীপুৰ উন্মুক্ত সীমান্তৰে ভাৰতলৈ মাতি আনিছিল। দুটা বাংলাদেশী গৰু চোৰৰ আটক কৰিলেও আন দুটা বাংলাদেশী পলাই যাবলৈ সক্ষম হয়।