/asomiyapratidin/media/media_files/2025/04/28/TRlWPOCPPx3YPjFgAKU2.jpg)
ডিজিটেল সংবাদ,লামডিংঃ আজি লামডিং আৰ পি এফে জংচনৰ পৰা দুজনকৈ বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীন লোক দুজন ক্ৰমে বাংলাদেশৰ বাঘীৰহাট জিলাৰ কচুবাৰ ৩৫ বছৰীয়া ফিৰোজ শ্বেখ। আনজন বাংলাদেশৰ খুলনা জিলাৰ ফুলবাৰী গেটৰ ৩১ বছৰীয়া মইনা ৰোশানী কাশ্যপ বুলি চিনাক্ত কৰা হৈছে।
লামডিং আৰ পি এফে উজনিমুবা ১৩১৭৩ নং কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ পৰা আটক কৰি দুইজনকে ৰেল আৰক্ষীক গতাই দিছে। আটকাধীন বাংলাদেশী ফিৰোজ শ্বেখৰ ভাষ্য অনুসৰি দুইজনে এবছৰ পূৰ্বে দালালক ধন দি সীমান্ত পাৰ কৰি তেওঁ ভাৰতত প্ৰৱেশ কৰিছিল।
পৃথকে পৃথকে ৪-৫ হাজাৰ টকাৰ বিনিময়ত দালালে সীমান্ত পাৰ কৰাইছিল ৷ ইমান দিনে দুয়ো ক্ৰমে দিল্লী আৰু বাংগালোৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।