/asomiyapratidin/media/media_files/2026/01/07/new-ap-web-2-36-2026-01-07-21-04-26.jpg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ বাংলাদেশৰ শক্তি খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ ডিজেল আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে।অহা ডিচেম্বৰ মাহ পৰ্যন্ত অসমৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ লিমিটেড (NRL)ৰ পৰা মুঠ ১ লাখ ৮০ হাজাৰ টন ডিজেল ক্ৰয় কৰিব বাংলাদেশে।
মঙলবাৰে ঢাকাৰ সচিবালয়ত বিত্ত উপদেষ্টাড° চালেহুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত চৰকাৰী ক্ৰয় উপদেষ্টা সমিতিৰ এক বৈঠকত এই আমদানি প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ২০২৬ বৰ্ষৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
লক্ষ্যণীয় যে, এই আমদানি প্ৰক্ৰিয়াৰ বাবে আনুমানিক ১,৪৬২ কোটি টকা (বাংলাদেশী টাকা) ব্যয় ধাৰ্য কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ সহায়ক কোম্পানী NRL-ৰ সৈতে হোৱা চুক্তি মৰ্মে প্ৰতি বেৰেলত ৫.৫০ মাৰ্কিন ডলাৰ প্ৰিমিয়ামসহ এই মূল্য নিৰ্ধাৰণ কৰিছে।
উল্লেখযোগ্য, শক্তি আৰু খনিজ সম্পদ বিভাগৰ উপদেষ্টা মহম্মদ ফৌজল কবিৰ খানে সাংবাদিকৰ আগত স্পষ্ট কৰে যে, এই আমদানি কোনো নতুন চুক্তি নহয়। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত স্বাক্ষৰিত হোৱা ১৫ বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনতে এই ডিজেল আমদানি কৰা হ’ব। ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইনৰ জৰিয়তে এই ইন্ধন সৰবৰাহ কৰাৰ সম্ভাৱনা আছে, যিয়ে দুই দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us