/asomiyapratidin/media/media_files/2025/07/29/rongpur-29-2025-07-29-10-35-27.jpg)
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমৰ জৰিয়তে ইছলাম ধৰ্মক অপমান কৰাৰ অভিযোগত বাংলাদেশৰ সনাতন ধৰ্মীয় লোকৰ ঘৰত আক্ৰমণ কৰি লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ বাংলাদেশত হিন্দু ধৰ্মীয় লোকৰ ওপৰত চলা নিৰ্যাতনৰ বহু কেইটা ঘটনা পোহৰলৈ আহিছে।
অতি শেহতীয়াকৈ উত্তৰ বাংলাদেশৰ ৰংপুৰ জিলাৰ গংগাচৰা উপজিলাৰ বেটগাৰী ইউনিয়নৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মকে নবীক অপমান কৰি এজন কিশোৰে ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগতে গাওঁখনত আক্ৰমণ কৰি সনাতন ধৰ্মীয় লোকসকলৰ ঘৰত লুণ্ঠন চলালে।
ইতিমধ্যে বিতৰ্কিত মন্তব্য কৰা কিশোৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে কাৰাগাৰলৈ নিক্ষেপ কৰিছে। তেওঁৰ বিৰুদ্ধে ছাইবাৰ ছিকিউৰিটি এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
উপ-জিলাৰ কাৰ্যবাহী বিষয়া মাহমুদ হাছানে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সেনা-আৰক্ষী মোতায়েন কৰা হৈছে। গংগাচাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে এতিয়া পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে জনোৱা অনুসৰি তেওঁলোকৰ ঘৰ-দুৱাৰ আক্ৰমণ কৰি ভাঙি পেলোৱা হৈছে আৰু লুণ্ঠন চলাইছে। সমগ্ৰ অঞ্চলটোত এতিয়াও আতংই বিৰাজ কৰি আছে।
বিতৰ্কিত ফেচবুক পোষ্ট কৰাৰ এই অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা যোৱা শনিবাৰৰ পৰা এতিয়ালৈকে ধাৰাবাহিক ভাৱে প্ৰতিবাদী সমদলেৰে দিনে-নিশাই পৰিস্থিতি উত্তপ্ত কৰি ৰখা হৈছে। স্থানীয় লোকে জনোৱা মতে শনিবাৰে একাংশ লোকে সমদল কৰিছিল। তেওঁলোকে দেওবাৰে পুনৰ সমদল কৰি গৈ মাইকযোগে বিভিন্ন ঘোষণা কৰিছিল আৰু তাৰ পিছতেই তেওঁলোকৰ ঘৰবোৰত আক্ৰমণ কৰা হৈছিল।
স্থানীয় সংঘ জামাত-ই-ইছলামীৰ নেতা আমিৰে এই ঘটনা সন্দৰ্ভত কয় যে সাধাৰণ জনতাই ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ বাবে খঙত আক্ৰমণ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
গংগাচৰা উপজিলা কাৰ্যবাহী বিষয়াগৰাকীয়ে সংবাদ সংস্থা বিবিচি বাংলাৰ আগত কোৱা অনুসৰি স্থানীয় এটা কিশোৰে ফেচবুকত হজৰত মহম্মদক লৈ ব্যংগমূলক পোষ্ট দিছিল। প্ৰথমে তেওঁক এনে কাৰ্য নকৰিবলৈ সকিয়াই দিয়া হৈছিল।
পিছত শনিবাৰে যুৱকজনক আৰক্ষীৰ জিম্মাত লোৱা হৈছিল। সেই দিনাই তেওঁৰ বিৰুদ্ধে ২ বজালৈকে এদল লোকে প্ৰতিবাদ কৰিছিল। আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিলো।
দেওবাৰে পুনৰ দুইৰ পৰা তিনি হাজাৰ লোকে আহি আক্ৰমণ কৰে। তেওঁলোকে প্ৰায় ১৫টা ঘৰ ভাঙি পেলাইছে। ইফালে অভিযোগ অনুসৰি যিটো ফেচবুক একাউণ্টৰ পৰা এই পোষ্ট কৰা হৈছে সেই ফেচবুক একাউণ্ট ভুৱা। অভিযুক্ত কিশোৰজনে সেই পোষ্ট কৰিছিল নে নাই সেয়াও এতিয়ালৈকে স্পষ্ট হোৱা নাই বুলি স্থানীয় লোকে স্পষ্ট কৰিছে।
অৱশ্যে আৰক্ষীয়ে দাবী কৰিছে তেওঁলোকে কিশোৰজনে ইছলাম ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক লেখা আৰু ছবি পোষ্ট কৰাৰ অভিযোগৰ প্ৰাৰম্ভিক প্ৰমাণ লাভ কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।