ঢাকাত ভাৰতীয় চিকিৎসকে বিমান দুৰ্ঘটনাত অগ্নিদগ্ধক কৰিব চিকিৎসাঃ প্ৰয়োজনত প্ৰেৰণ কৰিব ভাৰতলৈ

বিপদৰ বন্ধুহে পৰম বন্ধু। ধৰ্মীয় মৌলবাদৰ গ্ৰাসত পৰা চুবুৰীয়া বাংলাদেশে এই কথাষাৰ পাহৰিলেও পাহৰা নাই ভাৰতে। সেয়ে দেশখনৰ বিপদত পুনৰ কাষত থিয় দিছে ভাৰত।

author-image
Tushar Pratim
New Update
ঢাকাত ভাৰতীয় চিকিৎসকে বিমান দুৰ্ঘটনাত অগ্নিদগ্ধক কৰিব চিকিৎসাঃ প্ৰয়োজনত প্ৰেৰণ কৰিব ভাৰতলৈ

ডিজিটেল ডেস্কঃ বিপদৰ বন্ধুহে পৰম বন্ধু। ধৰ্মীয় মৌলবাদৰ গ্ৰাসত পৰা চুবুৰীয়া বাংলাদেশে এই কথাষাৰ পাহৰিলেও পাহৰা নাই ভাৰতে। ভাৰতৰ কৃপাতে স্বাধীন হোৱা দেশখন শেহতীয়াকৈ ধৰ্মীয় মৌলবাদীৰ প্ৰভাৱত ভাৰত বিৰোধী হৈ পৰিছে।

Advertisment

একাধিক ভাৰত বিৰোধী সিদ্ধান্ত লোৱাৰ পিছতো এই দেশখনৰ বিপদত প্ৰথমেই থিয় দিছে ভাৰত। দেশখনে যোৱা প্ৰায় এটা বছৰে ভাৰতক দিয়া সকলো আঘাত পাহৰি ভাৰতে এতিয়া বাংলাদেশৰ বিমান দুৰ্ঘটনাত আহতৰ আঘাত উপশম কৰিবলৈ দেশখনলৈ প্ৰেৰণ কৰিছে এটা বিশেষজ্ঞ চিকিৎসকৰ দল। 

উল্লেখ্য যে, যোৱা ২১ জুলাই, ২০২৫ সোমবাৰে বাংলাদেশ বায়ুসেনাৰ এখন বিমানে ঢাকাৰ ডায়াবাৰী অঞ্চলৰ এখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বিল্ডীঙত খুন্দা মাৰিছিল। এই ঘটনাত অতি কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জন লোক আহত হৈছে। মৃত ২৭ জন আৰু আহতসকলৰ অধিকাংশই বিদ্যালয়খনৰ শিক্ষাৰ্থী। 

বিমানখন দুৰ্ঘটনাৰ পিছতে জ্বলি যোৱাৰ বাবে আঘাতপ্ৰাপ্তৰ অধিকাংশই অগ্নিদগ্ধ হৈছে। এইসকলৰ চিকিৎসাৰ বাবে ভাৰতে প্ৰেৰণ কৰিছে বাৰ্ণ স্পেছিয়েলিষ্ট চিকিৎসকৰ এটা দল।  

মঙলবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশ তেওঁলোকৰ এই বিপদৰ সময়ত তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদানৰ কথা নিশ্চিত কৰি এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, “প্ৰয়োজনীয় চিকিৎসা সহায়ৰ সৈতে বাৰ্ণ-স্পেচিয়েলিষ্ট চিকিৎসক আৰু নাৰ্ছৰ এটা দলে অতি সোনকালে ঢাকা ভ্ৰমণ কৰি ভুক্তভোগীসকলক চিকিৎসা প্ৰদান কৰিব।”

ভাৰতীয় চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলটোৱে ৰোগীসকলৰ অৱস্থাৰ প্ৰাৰম্ভিক মূল্যায়ন কৰিব আৰু প্ৰয়োজন হ’লে তেওঁলোকক ভাৰতলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰো পৰামৰ্শ প্ৰদান কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। 

তাৰোপৰি বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে, এই চিকিৎসকৰ দলটো ঢাকাত গৈ উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ প্ৰাৰম্ভিক মূল্যায়ণৰ পিছত প্ৰয়োজন সাপেক্ষে অধিক চিকিৎসক চিকিৎসা কৰ্মী নিয়োগ কৰিব পৰা যাব।

উল্লেখ্য যে, আহমেদাবাদ বিমান দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য এতিয়াও প্ৰতিজন ভাৰতীয়ৰ মনত সজীৱ হৈ আছে। সেই সময়তে ঢাকাত সংঘটিত হোৱা প্ৰায় অনুৰূপ দুৰ্ঘটনাৰ কৰুণ পৰিণতি ভাৰতে উপলব্ধি কৰিব পাৰে। 

সোমবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁ এই বিপদৰ সময়ত ভাৰত বাংলাদেশৰ সৈতে আছে আৰু সম্ভৱপৰ সকলো সহায়, সমৰ্থন আগবঢ়াবলৈ সাজু বুলিও উল্লেখ কৰিছিল। 

তাৰ পিছতেই মঙলবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে বাংলাদেশলৈ চিকিৎসা সাহায্য প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। স্মৰ্তব্য যে, বাংলাদেশ বায়ুসেনাই অনুশীলনত ব্যৱহাৰ কৰি থকা চীনত নিৰ্মিত যুদ্ধ বিমান এফ-৭ সোমবাৰে দিনৰ ভাগত দুৰ্ঘটনাত পতিত হৈছিল।

বিমানখনে ঢাকাৰ ডায়াবাৰী অঞ্চলত থকা মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা বিল্ডীঙত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল। ফলত বিদ্যালয়খনত ব্যাপক ক্ষতিৰ সন্মুখীন হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখন জ্বলি যোৱাৰ লগতে সেই সময়ত বিল্ডীঙত থকা শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকৰ বিস্তৰ ক্ষতি হয়। তাৰে ২৭ জনৰ ইতিমধ্যে মৃত্যু হৈছে। 

বিমান দুৰ্ঘটনা বাংলাদেশ ঢাকা