/asomiyapratidin/media/media_files/2025/05/23/rxPMwQTVb6ftPR4kg7mz.jpg)
ডিজিটেল ডেস্কঃ পুনৰ গভীৰ ৰাজনৈতিক সংকটত বাংলাদেশ। শ্বেইখ হাছিনাক খেদাই বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা মহম্মদ ইউনুছেও অচিৰেই এৰিব পাৰে প্ৰধানমন্ত্ৰীৰ আসন। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শদাতা সকলৰ বৈঠকৰ অন্তত এই ঘোষণা নিজমুখে কৰিছে ইউনুছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এনে ৰাজনৈতিক পৰিস্থিতিত দেশখনৰ বাবে কাম কৰাতো মোৰ পক্ষে সম্ভৱ নহয়।
মহম্মদ ইউনুছৰ এই অসহায় স্বীকাৰোক্তিৰ পাছতে দেশখনত ৰাজনৈতিক অস্থিৰতা আৰু অধিক বৃদ্ধি পাইছে। বিশেষকৈ শেহতীয়াকৈ বাংলাদেশৰ সেনাৰ সৈতে ইউনুছ চৰকাৰৰ মতভেদ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। আমেৰিকাৰ সৈতে বাংলাদেশ-ম্যানমাৰ সীমান্তত এক বিশেষ প্ৰকল্প নিৰ্মাণৰ বাবে সেনা প্ৰধানৰ অজ্ঞাতে সকলো কাম কৰি গৈছিল ইউনুছ চৰকাৰে। কিন্তু এই কথা পোহৰলৈ অহাৰ পাছতে এতিয়া বাংলাদেশৰ সেনা প্ৰধানো নাৰাজ ইউনুছ চৰকাৰৰ ওপৰত।
ইফালে সেনাৰ সৈতেই নহয় দেশখনৰ সাধাৰণ জনতা আৰু বিৰোধী দলসমূহৰ বিৰুদ্ধেও যুজ দি আছে ইউনুছ চৰকাৰে। দেশখনৰ ছাত্ৰ সংগঠন, বিৰোধী ৰাজনৈতিক দলসমূহে এই বছৰটোৰ শেষ নৌহওতেই পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে ৰাজপথত আৰম্ভ কৰিছে বিক্ষোভ। শেহতীয়াকৈ ইউনুছ চৰকাৰৰ কাম-কাজত দেশখনৰ সাধাৰণ জনতাৰ পৰা আদি কৰি সেনা প্ৰধানৰ সৈতে সকলো নাৰাজ।
গতিকে দেশখনৰ পৰিস্থিতি আৰু অধিক অৱনতিৰ দিশে গতি নকৰোতেই প্ৰধানমন্ত্ৰীৰ আসন এৰিব পাৰে ইউনুছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰ শ্বেইখ হাছিনাই ব্যাপক গণ বিক্ষোভৰ বলি হৈ দেশ এৰাৰ পাছতে ইউনুছৰ নেতৃত্বত গঠন হৈছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ।