ডিজিটেল ডেস্কঃ বাংলাদেশত ঠায়ে ঠায়ে অব্যাহত আছে হিংসাত্মক প্ৰতিবাদ৷ শনিবাৰে ঢাকা উচ্চতম ন্যায়ালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে মুখ্য ন্যায়াধীশকসহ সকলো ন্যায়াধীশক পদত্যাগৰ দাবী উত্থাপন কৰে ৷
এই অস্থিৰতাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকাৰ সংস্কাৰৰ দাবীত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পদ ত্যাগ কৰিছে। উল্লেখ্য যে এই প্ৰতিবাদৰ পাছতেই দেশখনৰ মুখ্য ন্যায়াধীশৰ লগতে দেশখনৰ ৩জন ন্যায়াধীশেও পদত্যাগ কৰিছে।
দেশখনৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজকলে সামাজিক মাধ্যম যোগে আইন মন্ত্র্যালয়ে মুখ্য ন্যায়াধীশগৰকাৰী পদত্যাগ পত্র লাভ কৰা বুলি প্রকাশ কৰিছে। তেওঁ লগতে পদত্যাগ পত্রখন প্রয়োজনীয় ব্যৱস্থাৰ বাবে ততালিকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ পূর্বে অবেইদুল হাছানে মুখ্য ন্যায়াধীশৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
ইপিনে, ঢাকা আৰু চট্টগ্রামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্রদায়ৰ হাজাৰ হাজাৰ লোকে শনিবাৰে দ্বিতীয় দিনৰ বাবেও প্রতিবাদ অব্যাহত ৰাখে। এই প্রতিবাদী কাৰ্যসূচীৰ বাবে ঢাকাৰ শ্বাহবাগত ৩ ঘণ্টাৰো অধিক সময়ৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থাকে।
প্রতিবাদকাৰীসকলে তেওঁলোকৰ ঘৰ, ব্যৱসায় আৰু মন্দিৰসমূহত দেশজুৰি চলা আক্ৰমণৰ পৰা সুৰক্ষাৰ দাবী কৰে। প্ৰতিবাদী জনতাই সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলৰ বিচাৰৰ বাবে বিশেষ ন্যায়ধিকৰণ গঠন, সংখ্যালঘুৰ বাবে সংসদত ১০ শতাংশ আসন সংৰক্ষণ আৰু সংখ্যালঘু সুৰক্ষা আইন প্রণয়নকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে।