/asomiyapratidin/media/media_files/2025/07/21/dhaka-21-2025-07-21-15-44-36.jpg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশত সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত এই পৰ্যন্ত এজনৰ মৃত্যু হোৱাৰ লগতে আন ২৮ জন অতি গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে বাংলাদেশ বায়ুসেনাৰ এখন বিমান ঢাকাৰ এখন বিদ্যালয়ত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বিমানখন জ্বলি উঠে। ঘটনাৰ পিছতে ততাতৈয়াকৈ চলোৱা উদ্ধাৰ কাৰ্যৰ অন্তত ২৮ জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাত অগ্নিদগ্ধ হৈ আহত হোৱা অধিকাংশই হৈছে বিদ্যালয়খনৰ শিক্ষাৰ্থী। অৱশ্যে এতিয়ালৈকে এই ঘটনাত প্ৰকৃততে কিমানজন আহত হৈছে তাৰ সঠিক খবৰ লাভ কৰা নাই।
খবৰ অনুসৰি সোমবাৰে দিনৰ ১-০৬ বজাত বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল। তাৰ কিছু সময়ৰ পিছতে ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুলত খুন্দা মাৰে বিমানখনে। বিদ্যালয়খনৰ কাষতে থকা এখন কলেজৰো এই দুৰ্ঘটনাত বিস্তৰ ক্ষতি হৈছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।
বাংলাদেশৰ অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, আহত চাৰিজনক হেলিকপ্টাৰেৰে সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বাকীসকলকো কাষৰীয়া চিকিৎসালয়লৈ লৈ যোৱা হয়।
বাংলাদেশ বায়ুসেনাই জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন এফ-৭।এই বিমানখন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া লিমা খানে বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম আলোক জনোৱা মতে, বিমানখনে মাইলষ্টোন স্কুলৰ কেণ্টিনৰ চাদত খুন্দা মাৰে।
দুৰ্ঘটনাস্থলীত তিনিটাকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযানৰ কাম কৰি আছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। ঘটনাস্থলীত আইন-শৃংখলা বজাই ৰখাৰ বাবে বিজিবি মোতায়েন কৰা হৈছে।চিকিৎসালয়ৰ সূত্ৰ অনুসৰি সংকটজনক অৱস্থাত ভৰ্তি কৰা অধিকাংশই ছাত্ৰ-ছাত্ৰী।
এই ঘটনাক লৈ মহম্মদ ইউনুছে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি লিখিছে যে, এই ঘটনাত ঢাকাৰ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ যি ক্ষতি হৈছে সেয়া অপুৰণীয়। তেওঁ আশ্বাস দিয়ে যে এই বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। লগতে আহতসকলৰ আশু আৰোগ্যও কামনা কৰিছে।