/asomiyapratidin/media/media_files/2025/07/21/web-ap-dhaka-2025-07-21-21-57-29.jpg)
মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশ বায়ু সেনাৰ প্ৰশিক্ষণৰত এখন বিমানে আজি ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা ভৱনত খুন্দা মৰাৰ ফলত সংঘটিত হোৱাৰ দুৰ্ঘটনাত ২০ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আহত আৰু অগ্নিদগ্ধ হৈছে শতাধিক। যাৰ ভিতৰত বেছিভাগেই শিশু।
বাংলাদেশৰ আই এছ পি আৰে প্ৰকাশ কৰা তথ্যত হতাহতিৰ এই সংখ্যা প্ৰকাশ। আই এছ পি আৰৰ দ্বাৰা প্ৰকাশিত এই তথ্য অনুসৰি দুৰ্ঘটনাটোত প্ৰশিক্ষণ বিমানখনৰ পাইলটসহ ২০ জন লোক নিহত হৈছে। আহত হৈছে ১৭১ জন।
উল্লেখ্য যে, সোমবাৰে দিনৰ ১ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত শৈক্ষিক প্ৰতিষ্ঠানখনৰ ভৱনটোৰ লগতে বিমানখনো সম্পূ্ৰ্ণৰূপে ধ্বংস হৈছে। অভিশপ্ত বিমানখনে দিনৰ ১-০৬ বজাত উৰণ আৰম্ভ কৰিছিল। তাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।
সন্ধিয়া প্ৰায় ৫ বজাত মাইলষ্টোন বিদ্যালয়ৰ দুৰ্ঘটনাগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি ফায়াৰ ছাৰ্ভিচৰ মহাপৰিচালকগৰাকীয়ে কয় যে, “আপোনালোকে জানে, আজি বায়ু সেনাৰ এখন এফ–৭ বি জি আই ফাইটাৰ এয়াৰক্ৰাফ্ট প্ৰায় ১ বজাত মাইলষ্ট’ন স্কুল এণ্ড কলেজৰ উত্তৰা শাখাৰ দু-মহলীয়া বিদ্যালয় ভবনত খুন্দা মাৰিছে।
এই দু-মহলীয়া ভবনৰ প্ৰথম মহলাত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান চলি আছিল। দ্বিতীয় মহলাত আছিল দ্বিতীয় আৰু পঞ্চম শ্ৰেণীৰ ক্লাছৰ লগতে অধ্যক্ষৰ কাৰ্যালয় আৰু মিটিং ৰুম। তাত এটা কোচিঙৰ ক্লাছো চলি আছিল।
ক্র্যাশ লেণ্ডিং হোৱাৰ সময়ত বিদ্যালয়ৰ ছুটি হৈছিল।শিক্ষকৰ কোঠালিৰ কাষৰ যি স্থানত বিমানখনে খুন্দা মাৰিছিল সেই স্থানত ছাত্ৰ-ছাত্ৰী আৰু সম্ভৱতঃ কিছু অভিভাৱকো উপস্থিত আছিল।
দুৰ্ঘটনাটোৰ খবৰ ফায়াৰ ছাৰ্ভিচে প্ৰায় ১:০৮ বজাত লাভ কৰা বুলি উল্লেখ কৰি মহাপৰিচালকগৰাকীয়ে আৰু কয়, “আমাৰ ইউনিটে দ্ৰুত গতিৰে আহি এই স্থানত আহি উপস্থিত হয় আৰু উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। এই উদ্ধাৰ কাৰ্যত আমাৰ ৯টা ইউনিটে কাম কৰিছে। বৰ্তমান জুই সম্পূৰ্ণ নিৰ্বাপিত হৈছে আৰু আমি উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছো।”
মহাপৰিচালকগৰাকীয়ে আৰু কয়, “আমাৰ হিচাব অনুসৰি, বৰ্তমানলৈকে আমি ১৯ টা মৃতদেহ উদ্ধাৰ কৰিছো। তেওঁলোকক বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াত সেনা বাহিনী, ফায়াৰ ছাৰ্ভিচ, আৰক্ষী আৰু অন্যান্য সংস্থাৰ লোকসকসে একেলগ হৈ উদ্ধাৰ কাৰ্যত সহায় কৰিছে।কাম শেষ হোৱাৰ পিছত আমি ক্ষয়ক্ষতিৰ মুঠ সংখ্যা প্ৰকাশ কৰিম।”
তেওঁ আৰু কয়, “নিহতসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই, তাৰ বাবে কিছু সময় লাগিব। আমাৰ অনুমান অনুসৰি, নিহতৰ অধিকাংশই শিশু।”
ইফালে আই এছ পি আৰে এক বিবৃতিত জনাইছে যে, বাংলাদেশ বায়ু সেনাৰ এখন এফটি-৭ বি জি আই যুদ্ধবিমান নিয়মিত প্ৰশিক্ষণৰ অংশ হিচাপে সোমবাৰ দিনৰ ১:০৬ বজাত ঢাকাৰ কুৰ্মিটোলা এয়াৰ বেছ (এ কে খন্দকাৰ)ৰ পৰা উৰণ আৰম্ভ হোৱাৰ পিছত যান্ত্রিক বিজুতিৰ সন্মুখীন হয়। এই সন্দৰ্ভত তদন্তৰ পিছত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা হ’ব।
আই এছ পি আৰৰ মতে, “বিমানখনৰ পাইলট ফ্লাইট লেফটেনেন্ট মোহম্মদ তৌকিৰ ইছলামে বিমানখন জনবহুল অঞ্চলৰ পৰা জনশূন্য স্থানলৈ নিয়াৰ বাবে পূৰ্ণ চেষ্টা কৰিছিল। কিন্তু, দুৰ্ভাগ্যজনকভাৱে বিমানখন মাইলষ্ট’ন স্কুল এণ্ড কলেজৰ দু-মহলীয়া ভবনত খুন্দা মাৰে।”
এই বিমান দুৰ্ঘটনাৰ পিছতে বাংলাদেশ চৰকাৰে মঙলবাৰে ৰাষ্ট্ৰীয় শোক দিবস ঘোষণা কৰিছে। দেশৰ সকলো চৰকাৰী, অৰ্ধ-চৰকাৰী, স্বায়ত্বশাসিত প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত থাকিব। লগতে সকলো চৰকাৰী-বেচৰকাৰী ভবন আৰু বিদেশস্থিত বাংলাদেশ মিছনতো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত থাকিব।
আহত-নিহতসকলৰ বাবে সকলো ধৰ্মীয় উপাসনাস্থলীত বিশেষ প্ৰাৰ্থনাৰো আয়োজন কৰা হ’ব।এই ঘটনাত প্ৰধান উপদেষ্টা মুহাম্মদ ইউনুছে শোক প্ৰকাশ কৰিছে। তেওঁৰ শোক বাৰ্তাত কয় যে, “ৰাজধানীৰ দিয়াবাৰি অঞ্চলৰ মাইলষ্ট’ন স্কুল এণ্ড কলেজত বাংলাদেশ বায়ু সেনাৰ এফ-৭ বি জি আই প্ৰশিক্ষণ বিমান বিধ্বস্ত হোৱাত যি হতাহতিৰ হৈছে, তাৰ বাবে মই গভীৰ শোক আৰু দুখ প্ৰকাশ কৰিছো। এই দুৰ্ঘটনাত বায়ু সেনা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু কৰ্মচাৰীসকলৰ যি অপূৰ্ণনীয় ক্ষতি হৈছে, সেয়া সমগ্ৰ জাতিৰ বাবে এক গভীৰ বেদনাৰ বিষয়।”