ডিজিটেল সংবাদ,চিলাপথাৰঃ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি মাজৰবাৰীত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। সংগঠনটোৰ জিলা সভাপতি ধৰ্মেন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক ভদ্ৰ দাসে। সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ সৈতে জাতীয় জীৱনত সেৱা আগবঢ়োৱা ফেডাৰেচনৰ প্ৰাক্তন কৰ্মী, শিক্ষাবিদ,বুদ্ধিজীৱি- সাহিত্যিক চিন্তাবিদ সকল একেখন মঞ্চত উপস্থিত থাকি অতীতৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে।
১৯৯৭ চনৰ পৰা ধেমাজি জিলাত এক শক্তিশালী সংগঠন হিচাপে প্ৰতিষ্ঠা হোৱা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন কিছু সংখ্যকে ব্যক্তিগত লাভালাভৰ বাবে বিভক্ত হৈ সংগঠনিক কাম-কাজ চলাই যোৱাত সংগঠনৰ লগতে জাতিৰ ক্ষতি হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে। সকলো গোটকে একত্ৰিত কৰি জাতিৰ হিতৰ বাবে কাম কৰিবলৈ ফেডাৰেচনৰ প্ৰাক্তন কৰ্মী সকলে আহ্বান জনায়।
বিভিন্ন সমস্যা জৰ্জৰিত হিন্দু-বাঙালী সকলৰ শৈক্ষিক,অৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশৰ ওপৰত সভাত বিতংভাৱে আলোচনা কৰে। লগতে আগন্তুক দিনত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন সম্পূৰ্ণ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হৈ ছাত্ৰ সমাজক লগত লৈ কাম কৰিবলৈ ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰোদ দেৱনাথ, প্ৰাক্তন ৰাজ্যিক সম্পাদক মঙ্গল কৃষ্ণ দাস,সাংগঠনিক সম্পাদক ৰঞ্জিত কুমাৰ ৰয়, কাৰ্য্যনিৰ্বাহক সদস্য ৰন্টু দে, উপদেষ্টা মানিক দেৱনাথ, শ্যামল সৰকাৰ,শ্ৰীকান্ত দাস, ৰবীন্দ্ৰ দেৱনাথ,শিৱেন্দ্ৰ দে, মহানন্দ দাস,নিতুক নমশূদ্ৰ, ৰাজেন মণ্ডল,শশধৰ দাসৰ লগতে প্ৰাক্তন কৰ্মী মহেশ ৰয়,শংকৰ মণ্ডল আদিয়ে বক্তব্য প্ৰদান কৰে।
উক্ত সভাতেই ধেমাজি জিলাত অতীতৰ পৰাই নিজকে বাংলা-ভাষী অসমীয়া হিচাপে চিনাকি দি অহাৰ পাছতো আজি বিভিন্ন জলন্ত সমস্যা ভোগ কৰি থকা এটা জনগোষ্ঠী হিচাপে চিহ্নিত হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে। কাৰ্যত বাঙালী সকল একাংশ ৰাজনীতিকৰ চক্ৰান্তত বলি হৈ নিজৰ অস্তিত্বৰ সংকতপন্ন কৰিছে। অবিভক্ত জোনাই বিধানসভা সমষ্টিত গৰিষ্ঠসংখ্যক হিন্দু-বাঙালী ভোটাৰে বছৰ বছৰ ধৰি জনপ্ৰতিনিধী নিৰ্বাচিত কৰি আহিছে কিন্ত এজনো প্ৰতিনিধিয়ে আজিলৈ বিধানসভাত বাঙালী সকলৰ উত্তৰণৰ স্বাৰ্থত এষাৰ মাত মতা নাই বুলি প্ৰশ্ন তোলে সভাই।
আনকি অসম চৰকাৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিপট্টন দিয়াৰ ব্যৱস্থা কৰিছে যদিও ১.০ আৰু ২.০ ত আবেদন কৰা ৯৯ শতাংশ বাঙালী জনগোষ্ঠীৰ লোকক বিভিন্ন অজুহাত দেখুৱাই বঞ্চিত কৰা হৈছে ক্ষোভ প্ৰকাশ কৰে। সভাই আগন্তুক বসুন্ধৰা ৩.০ আঁচনিত হিন্দু-বাঙালী সকল ভূমি পট্টন দিয়াৰো ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
সভাতে ৰাজনৈতিক দিশৰ ওপৰত আলোকপাত কৰি সভাই আগন্তুক গাওঁ পঞ্চায়ত নিৰ্বাচনত গৰিষ্ঠসংখ্যক হিন্দু- বাঙালী ভোটাৰ থকা পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমূহ কিদৰে দখলত আনিব পাৰি তাৰ ওপৰত বহল আলোচনা ব্যাখ্যা কৰাৰ লগতে বাঙালী জাতিৰ অৰ্থনৈতিক বিকাশ, শৈক্ষিক দিশত সৰ্বাংগীন উন্নয়নৰ হকে একেখন মঞ্চত সকলোকে থিয় হৈ কাম কৰাৰ বাবে সভাত বিভিন্নজনে পৰামৰ্শ আগবঢ়ায়।
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাঙালী অধ্যূষিত এলেকাত বিভিন্ন নেতাই জনগোষ্ঠীটোক সমস্যা সমাধানৰ বাবে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত বাঙালীসকলক মাহী আইৰ দৃষ্টিৰে চকু দিয়া নেতাসকলৰ প্ৰতি এইবাৰ নিৰ্বাচনত তীক্ষ্ণ দৃষ্টি ৰখা হ'ব বুলি আলোচনা হয়। সভাই কেবাটাও গুৰুতত্বপূৰ্ন প্ৰস্তাৱো গ্ৰহণ কৰে।
আজিৰ সভাত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি গোবিন্দ মণ্ডল, যুটীয়া -সম্পাদক স্বপন দাস,মূখ্য সাংগঠনিক সম্পাদক বিপ্লৱ দাস,ধেমাজি জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি বিপ্লব সৰকাৰ, উপ-সভাপতি উজ্জ্বল দেৰ লগতে কেবাখনো আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদককে ধৰি জিলাখনৰ গৰিষ্ঠ সংখ্যক বাঙালী বুদ্ধিজীৱি-সাহিত্যিক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।