বাংলাদেশৰ পৰা প্ৰেমিকৰ সৈতে বিয়া পাতিবলৈ আহি গ্ৰেপ্তাৰ বিবাহিতা মহিলা

যুৱতীগৰাকী অবৈধভাৱে ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় মহিলাগৰাকী।

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ পৰা প্ৰেমিকৰ সৈতে বিয়া পাতিবলৈ আহি গ্ৰেপ্তাৰ বিবাহিতা মহিলা

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ প্ৰেমিকক লগ কৰাৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ আহি গ্ৰেপ্তাৰ এগৰাকী মহিলা। যুৱতীগৰাকী অবৈধভাৱে ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় মহিলাগৰাকী।

Advertisment

ধৰ্মনগৰ মহকুমাৰ ফুলবাৰীৰ বাসিন্দা নুৰ জালাল (৩৪) নামৰ লোকজনে সঘনাই বাংলাদেশৰ মৌলৱী বজাৰলৈ অহা-যোৱা কৰিছিল। ভ্ৰমণৰ সময়তে নুৰ নামৰ বিবাহিত লোকজন এগৰাকী বিবাহিত মহিলাৰ লগত চিনাকী হৈছিল।

তাৰপাছতে ফাতেমা নুছৰত নামৰ মহিলাগৰাকীৰ সৈতে নুৰৰ প্ৰেম হৈছিল আৰু কিছুদিন পূৰ্বে মহিলাগৰাকী বিয়া পাতিবলৈ ত্ৰিপুৰাত উপস্থিত হৈছিল। ত্ৰিপুৰাত উপস্থিত হৈয়ে ফাতেমাই নুৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে খবৰ লাভ কৰাত ফাতেমাক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Also Read: মুখ্যমন্ত্রীয়ে এতিয়াৰ পৰা লাভ কৰিব নতুন কাৰ্যালয় ‘লোকসেৱা ভৱন’