/asomiyapratidin/media/media_files/2025/01/03/XrwVQNHrkqstVvtfmGMO.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰধানাচাৰ্য বনমালী সূতৰ আত্মহননৰ পাছত উন্মোচিত ভয়ংকৰ চক্ৰান্তৰ গুৰুতৰ অভিযোগৰ পাছত আজিও শোকাচন্ন হৈ আছে ঢকুৱাখনাৰ সামাজিক পৰিবেশ। একাংশ স্বাৰ্থপৰ, চক্ৰান্তকাৰী ব্যক্তিৰ কৰাল গ্ৰাসত পৰি চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা প্ৰধানাচাৰ্য গৰাকীৰ এই কু-অভিসন্ধিৰ মূল নায়ক যোগেশ বৰুৱা(ধনকণ)সহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।
মৃতকৰ পত্নীৰ এজাহাৰত নাম সন্নিবিষ্ট অন্য ১৫গৰাকী সহঅভিযুক্ত বৰ্তমানেও ৰহস্যজনক ভাবে আৰক্ষীৰ জিম্মালৈ অহা নাই । আৰক্ষী-অভিযুক্তৰ মাজৰ এই ঘটনাৰ লুকাচুপি খেলখনৰ মাজতে ঢকুৱাখনা সমাজ জীৱনৰ সৈতে জড়িত ৮গৰাকী অভিযুক্ত ব্যক্তিলৈ নামি আহিছে সামাজিক দুৰ্যোগ ।
ঐতিহ্যমণ্ডিত ফাটবিহু সমিতিয়ে এই মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত বৃহস্পতিবাৰে এক কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তই মাতি আনিছে এই দুৰ্যোগ ।ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাস আৰু সহকাৰী সম্পাদক প্ৰশান্ত হাজৰিকাই জনোৱা মতে ফাটবিহু সমিতিৰ সৈতে অতি সক্ৰিয়ভাবে জড়িত ৮গৰাকী ব্যক্তি এই মৰ্মান্তিক ঘটনাৰ সৈতে সাঙোৰ খোৱাৰ পৰিপ্ৰেক্ষিতত এইসকল ব্যক্তিক ফাটবিহু সমিতিৰ পৰা তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে ।
সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত কার্যকৰী সভাই এই বিষয়ত আলোচনা কৰি এই অমানৱীয় ঘটনাৰ একেমুখে গৰিহণা দি ফাটবিহু সমিতিৰ সদস্যা মঞ্জু গগৈ, সাধাৰণ পৰিষদৰ সদস্য আৰু সদস্যা ক্ৰমে তৰুণ চেতিয়া, সুৰুজ গগৈ, নৱনিতা গগৈ, প্ৰণৱ বৰপাত্ৰ গোঁহাই, প্ৰিয়ৰাম ফুকন, হিৰণ্য বৰ গোঁহাই আৰু কুমুদ বৰুৱাক ২ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সভাৰ পূৰ্বে মৃতকৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।
এইফালে পহিলা জানুৱাৰীত ঢকুৱাখনা আঞ্চলিক মহিলা সমিতি আৰু মহকুমা মহিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় মহিলা সমিতিৰ কাৰ্যালয়ত। বৈঠকত এই নিকৃষ্ট আৰু অমানৱীয় কাণ্ডত জড়িত অভিযুক্ত সকলক গৰিহণা দি ঢকুৱাখনাবাসী ৰাইজৰ সৈতে এই বিষয়ত সহাৱস্থান কৰি মৃতকৰ পৰিয়ালৰ ন্যায় প্ৰাপ্তিৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনায়।
উল্লেখযোগ্য যে এই কাণ্ডৰ মূল অভিযুক্ত হিচাপে এজাহাৰত নাম উল্লেখ থকা ঢকুৱাখনাৰ কলংকস্বৰূপ যোগেশ বৰুৱাকে প্ৰমুখ্য কৰি সকলো অভিযুক্তক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীৰ লগতে মৃতকৰ পৰিয়ালৰ ন্যায় প্ৰাপ্তিৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ঢকুৱাখনা আঞ্চলিক সমিতি, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা,ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা, ঢকুৱাখনা আঞ্চলিক সূত সন্মিলন আদিয়ে ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।