/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/96b1e052-4161-41a6-a438-86a0b75f7e89/78ba792d_cc4e_4be6_9d02_2d1177a269b2.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ টেকেলিফুটাৰ পৰা লোটাচুৰ পৰ্যন্ত এই পথ বনাম মথাউৰীৰে সকলো ধৰণৰ গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
লখিমপুৰ জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই বুধবাৰে জাৰি কৰা এক নিৰ্দেশনাৰ যোগে এই নিৰ্দেশনা জাৰি কৰা হৈছে। জৰুৰী ভাবে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনাটোত টেকেলীফুটাৰ পৰা লোটাচুৰলৈ নতুনকৈ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ মথাউৰি তথা পথৰ ওপৰেৰে তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ যাত্ৰীবাহী বাছ,নৈশ চুপাৰ, যাত্ৰীসহ আল্ট্ৰা বাছ ,তেলৰ টেংকাৰ,ট্ৰাক,ডাম্পাৰ, ট্ৰেক্টৰ ট্ৰেইলাৰ আদিৰ দৰে গধুৰ যান-বাহনৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে।
ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকা তথা জনসাধাৰণৰ সুৰক্ষা আৰু মথাউৰিটোৰ গাঁথনিগত সুস্থিৰতা ৰক্ষাৰ স্বাৰ্থত ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৩৪(খ)ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু পুনৰ জাননী নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰি সকলোৱে মানি চলাৰ জাননী জাৰি কৰা হৈছে।