/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/38f65686-169e-4cb5-87d1-64972e715412/AP PROTIBEDON new.jpg)
অসমীয়া খাদ্যভাসৰ এক থলুৱা খাদ্য হৈছে খৰিচা। খৰিচাৰে গাহৰি বা কুকুৰা মাংস, শুকান খৰিচাৰে আলু পিটিকা,দাইলত খৰিচা,গাজ আৰু কঁঠালগুটীৰে খাৰৰ আঞ্জা; মুঠতে খৰিচাৰ টেঙেচীয়া সোৱাদ অতুলনীয়।কেৱল সোৱাদে নহয় খৰিচাৰ আছে বহু উপকাৰিতা, এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন... ATTRIBUTION
বাঁহ গছক সেউজীয়া সোণ বুলি অভিহিত কৰা হৈছে। দৰাচলতে বাঁহ গছৰ মুঢ়াৰ পৰা এছাৰি ডাললৈ সম্পূৰ্ণ গছডাল অতি উপযোগী। বাঁহৰ গজালিৰে তৈয়াৰ কৰা এবিধ থলুৱা খাদ্য "খৰিচা" অতি তৃপ্তিদায়ক। কাঁহীৰ কাষত খৰিচা কণে খালী ভাতৰো সোৱাদ দুগুণে চৰায়। ইয়াৰোপৰি খৰিচা আৰু ভোট জলকীয়া আচাৰৰ কথা অসমীয়া সমাজত সৰ্বজনবিদিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1033d622-a5df-4c8d-aabf-771fec54c629/asomiyapratidin_2024-07_f1de15cd-b4ef-4f82-9606-c0d4dbe3ae0b_xbamboo-shoots-11.jpg.pagespeed.ic.flJNFKlxP-.avif)
খৰিচা দুই প্ৰকাৰৰ- পকা আৰু কেঁচা খৰিচা। আধা খুন্দা কৰা বাঁহগাজ পানী দি পাত্ৰত ভৰাই থব লাগে। যেতিয়া সেইখিনি টেঙা হয় তেতিয়া তাক পকা খৰিচা বুলি কয়। আনহাতে কুটবাঁহৰ গাজ শুকুৱাই গুড়ি কৰিলে তাক শুকান খৰিচা বা জিম খৰিচা বুলি কোৱা হয়।
খৰিচা তেলত ভাজি, উতলাই, তৰকাৰী বা আঞ্জা অথবা আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰে মিহলি কৰি ব্যঞ্জন তৈয়াৰ কৰি খাব পাৰি।ইয়াক চালাদত যোগ দিও খাব পাৰি।সেয়ে এছিয়া মহাদেশৰ অন্তৰ্গত বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচা অতি জনপ্ৰিয়।
গৱেষণাত পোৱা তথ্য অনুসৰি, ১৫৫ গ্ৰাম খৰিচাক পোৱা উপাদান সমূহ ক্ৰমে- প্ৰ'টিন,ফেট,কাৰ্ব,আঁহ,তাম,ভিটামিন B6, ভিটামিন E,ভিটামিন K,ৰিবোফ্লেভিন,থিয়ামাইন,ফচফৰাচ, প'টেছিয়াম,আইৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e080f764-33c7-4bdb-8668-4acf53fab738/asomiyapratidin_2024-07_5ab47c21-1c03-4a1d-a1f6-94d5b0413e28_e08e39_075e6b255893496eb5f7be25e954b7eb~mv2_d_5017_3344_s_4_2.avif)
খৰিচাৰ উপকাৰিতা সমূহ-
যিহেতু খৰিচা প্ৰচুৰ আঁহযুক্ত সেয়ে ই কোষ্ঠকাঠিন্য,পাইলচৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। লগতে মানহৰ হজম শক্তি বঢ়ায়।
খৰিচাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ লগতে কলেষ্ট'ৰেলৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।
এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে।বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়।
খৰিচাত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল,ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয়৷
খৰিচাত আঁহৰ পৰিমাণ বেছি থকাৰ ফলত মেদবহুলতা হ্ৰাস কৰা লগতে পেটৰ চৰ্বি কম কৰাত সহায় কৰে।
খৰিচাই পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে। লগতে আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ গাজ ব্যৱহাৰ কৰা হয়।
খৰিচাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আলচাৰৰ চিকিৎসাতো বাঁহ গাজ উপকাৰী।
মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী৷
অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলালে শুকনি হিচাপে শুকান খৰিছা-মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
এই খিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ খৰিচা কেতিয়াও সেৱন কৰিব নালাগে৷ গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক৷
ওপৰত উল্লেখ কৰা অনুসৰি বাঁহৰ বহুতো ব্যৱহাৰ আছে। অসম তথা বহিঃৰাজ্যৰ প্ৰায়ভাগ লোকে বাঁহৰে নির্মিত বিভিন্ন সা-সামগ্ৰী দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছে। বাঁহেৰে ঘৰ-দুৱাৰ সজোৱাৰ পৰা আৰম্ভ কৰি বাঁহেৰে জেউৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী আদি তৈয়াৰ কৰা হয়।
বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰাৰ লগতে বাঁহৰ পাতেৰে বায়'ফাৰটিলাইজাৰ তৈয়াৰ হয়। ইয়াৰোপৰি তেল শোধনাগাৰৰ জৈৱ শোধনাগাৰত বাঁহৰ পৰা ইথানলৰ লগতে অন্য ফুয়েল উৎপাদন কৰা হয়। কেৱল ব্যৱহৃত সামগ্ৰীয়েই নহয় বাঁহৰ বিয়েৰ (BAMBOO BEER)প্ৰস্তুত কৰি ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ এজন যুৱকে। বাঁহেৰে তৈয়াৰী খাদ্যৰ তালিকাত কিন্তু অসমত প্ৰথম স্থান দখল কৰি ৰাখিছে "খৰিচাই"।