চৰ অঞ্চলৰ পৰা ধুবুৰীত প্ৰৱেশ কৰা ঘাটত বাঁহৰ বেৰিকেড : প্ৰতিবাদত নামিল ছাত্ৰ- ছাত্ৰী

ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে বিদ্যালয় এৰি ৰাজপথলৈ আহিল শ শ ছাত্ৰ -ছাত্ৰী। জিলা প্ৰশাসনে বিদ্যালয়লৈ অহা পথ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ধুবুৰী চহৰৰ কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচীৰে মৌন প্ৰতিবাদ পালন কৰে। 

author-image
Asomiya Pratidin
New Update
fbn

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে বিদ্যালয় এৰি ৰাজপথলৈ আহিল শ শ ছাত্ৰ -ছাত্ৰী। জিলা প্ৰশাসনে বিদ্যালয়লৈ অহা পথ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ধুবুৰী চহৰৰ কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচীৰে মৌন প্ৰতিবাদ পালন কৰে। 

উল্লেখ্য যে ধুবুৰী জিলাৰ বহু চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে ধুবুৰী চহৰৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি আছে। জিলা প্ৰশাসনে চৰ অঞ্চলৰ পৰা ধুবুৰীত প্ৰৱেশ কৰা ঘাটসমূহত বাঁহৰ বেৰিকেড লগাই বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৰ অঞ্চলৰ ছাত্ৰ- ছাত্ৰীৰ।

শিক্ষাৰ অধিকাৰ আইন ভংগ কৰি জিলা প্ৰশাসনৰ এয়া অবিবেচক কাণ্ড বুলি সচেতন মহলে মন্তব্যও কৰিছে। জিলা প্ৰশাসনৰ এনে কাণ্ডৰ বিৰুদ্ধে আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদ সাব্যস্ত কৰে চহৰখনৰ বিভিন্ন স্কুলৰ ছাত্ৰ- ছাত্ৰীয়ে । 

উল্লেখযোগ্য যে, প্ৰতিদিনে চৰ অঞ্চলৰ পৰা ধুবুৰীৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী গাৰ্লছ একাডেমী, ধুবুৰী মিউনিচিপাল হাইস্কুল, নেতাই ধুবুনী কলেজ, ধুবুৰী ছোৱালী মহাবিদ্যাল়য়, বিদ্যাসাগৰ কলেজকে ধৰি কেইবাখনো বিদ্যাল়য়, মহাবিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে চৰ অঞ্চলৰ পৰা নদী পথেৰে প্ৰতিদিনে আহে হেজাৰ হেজাৰ ছাত্ৰ –ছাত্ৰী।

প্ৰতিবাদ