/asomiyapratidin/media/media_files/2025/02/18/b6qQtaNw78qURuobhlH0.jpg)
অচিৰেই দুভাগ হ'ব পাকিস্তান
ডিজিটেল ডেস্কঃ অচিৰেই দুভাগ হ'ব পাকিস্তান। সৃষ্টি হ'ব এখন নতুন দেশৰ। এই দাবী কৰিছে পাকিস্তানৰ সাংসদ তথা জমিয়ত ওলেমা এ ইছলামৰ অধ্যক্ষ ফজল ওৰ ৰহমানে। তেওঁ দাবী কৰিছে যে, পাকিস্তানৰ সীমান্তত বেলুচিস্তান আৰু খেবেৰ পখতুনখবাদৰ দৰে এনেকুৱা প্ৰায় ৯-১০ ডাঙৰ জিলা আছে, যিকেইখন জিলাই যিকোনো সময়তে পাকিস্তানৰ পৰা পৃথক হৈ ঘোষণা কৰিব পাৰে পৃথক ৰাষ্ট্ৰৰ।
যদিহে নতুন ৰাষ্ট্ৰ ঘোষণা হয় তাত সংযুক্ত ৰাষ্ট্ৰইয়ো স্বীকাৰ কৰি লব বুলি মুকলি ঘোষণা কৰিছে জমিয়ত ওলেমা এ ইছলামৰ অধ্যক্ষগৰাকীয়ে। পাকিস্তানৰ সদনত এই বিস্ফোৰক মন্তব্য দিয়াৰ পাছতে এতিয়া আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই খবৰটোৱে তীব্ৰ চৰ্চা লাভ কৰিছে।
দৰাচলতে পাকিস্তানৰ সদনত ৫খনকৈ বিশেষ আইনক লৈ আলোচনা কৰি থকা সময়ত এই মন্তব্য প্ৰকাশ কৰিছিল সাংসদগৰাকীয়ে। পাকিস্তানৰ একাংশ সীমামূৰীয়া জিলাত সুৰক্ষাৰ নামত যে কেৱল ভেকুভাওঁনা চলিছে, তাক লৈ চৰকাৰক কটাক্ষ কৰাৰ সময়ত এই বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল তেওঁ। অচিৰেই এই জিলাকেইখনত নিৰাপত্তাৰক্ষীৰ বৃদ্ধিৰ লগতে পাক চৰকাৰে নিৰাপত্তাৰ দিশতো অধিক কটকটীয়া কৰাৰ আহ্বান জনাইছিল।
জমিয়ত ওলেমা এ ইছলামৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, পাকিস্তানৰ পৰা ফালৰি কাটি এই জিলাকেইখনে নতুন ৰাষ্ট্ৰ জন্ম দিয়াৰ পাছত পাক চৰকাৰে আষ্ফালন কৰি লাভ নাই। ইয়াৰ বাবে দায়ী তেওঁলোকেই হব। ইতিমধ্যে এই জিলাকেইখনে সন্মিলিতভাৱে সকলোখিনি কামকাজ সম্পন্ন কৰিছে বুলি সদৰি কৰে তেওঁ।
পাক সদনত জমিয়ত ওলেমা এ ইছলামৰ অধ্যক্ষগৰাকীয়ে দাখিল কৰিছে কিছু তথ্যও। এই তথ্যবোৰ চাই পাক চৰকাৰে গুৰুত্বসহকাৰে লৈছে উক্ত বিষয়টো।